কেৱল বিহু, সত্ৰীয়া ভাওনা, আৰু টিভিত আধুনিক সুগম সংগীতৰ অনুষ্ঠান পাতি আৰু শুনি এটা জাতি বাচি থাকিব নোৱাৰে। আধুনিক যুগত, প্ৰতিকূল পৰিস্থিতিৰ মাজতো, সাধ্যানুসৰি নানা দিশত নিজক জীৱন্ত ৰূপত টিকাই ৰাখিহে এটা জাতিয়ে নিজৰ সত্তা ৰক্ষা কৰিব পাৰে। কেৱল জাতীয়তাবাদী ফাক্কাৱাজ ফুটাই কেতিয়াও নোৱাৰে। অৰ্থনীতিত আমি আনৰ মৰ্জিৰ ওপৰত কেনে নিৰ্ভৰশীল হৈ পৰিছোঁ নতুনকৈ কৃষি বা শিল্প ক্ষেত্ৰত উদ্যোগ গঢ়িব খোজা ডেকা কেইজনেই হাড়ে-হাড়ে উপলব্ধি কৰিছে। সেয়ে বোধোহয় একাংশ অবিবেচক অনা অসমীয়াই মুকলিকৈ অসমীয়াক অৱজ্ঞা বা অপমান কৰিবলৈ দু:সাহস কৰিছে।
বিক্ষোভ প্ৰদৰ্শন কৰি বা মাৰপিট কৰি সেই অপমান আমি মোচন কৰিব নোৱাৰোঁ। অৰ্থনীতি আৰু দক্ষতাৰ ক্ষেত্ৰত তেওঁলোকৰ সমান হৈ দেখুৱাব পাৰিলেহে আমি নিজ জন্মভূমিত নিজৰ সন্মান ৰক্ষা কৰিব পাৰিম।
দুখৰ বিষয়, কংগ্ৰেছ চৰকাৰ যদি ব’মভোলা চকীদাৰ হৈ আছিল, আজিৰ চৰকাৰ দেখদেখকৈ বাহিৰা শক্তিৰ অনুগত পাইকত পৰিণত হৈছে।
তেওঁলোক কেন্দ্রীয় চৰকাৰ তথা বৃহৎ পুঁজিপতিৰ নিৰ্দেশত অসমৰ সম্পদ ধনকুবেৰ বহিৰাগতক গতাই দিবলৈ আৰু আৰু অসমৰ মানুহৰ মনৰ জগৎখনত আচহুৱা আদৰ্শৰ ৰাজত্ব প্ৰতিষ্ঠা কৰিবলৈ কৃতসংকল্প। যেন অসমীয়া মানুহ অনা অসমীয়া হব পাৰিলেই ভাৰতীয় হব পাৰে।
এনে পৰিস্থিতিত আমাক সাধাৰণ শিক্ষাৰ অৱস্থা ভালদৰে বিবেচনা কৰা অতি প্ৰয়োজনীয় –কাৰণ সাধাৰণ শিক্ষাই জনসাধাৰণক সফল জীৱন যাপন কৰিবলৈ যথেষ্ট সহায় কৰাৰ উপৰি জাতীয় জীৱনৰ চেতনা টিকাই ৰাখে।
কিন্তু আমাৰ ছদ্মবেশী বৈৰীবোৰৰ চিন্তা হৈছে, কেনেকৈ আমাৰ জাতীয় চেতনা বিলোপ কৰাৰ উপৰি আমাৰ উদ্যোগী চৰিত্ৰ আৰু কৰ্মক্ষমতা সম্পূৰ্ণ নি:শেষ কৰি দিয়া যায়। আমি লক্ষ্যই কৰা নাই চৰকাৰে ভেৰোণীয়া শিল্পী লগাই ধুমধাম সাংস্কৃতিক সমাৰোহ পাতি এইবোৰ চিন্তা উঠি অহা প্ৰজন্মৰ পৰা একেবাৰে উলিয়াই দিছে। তেওঁলোকৰ বহুতে এইবোৰ কথাৰ সমিধান দিয়ে এনেদৰে: ‘’ আমাক আমাৰ দৰে চলিবলৈ দিয়ক!’’ কিন্তু বাস্তৱে মাজে-মাজে আঘাত কৰে আৰু তেতিয়া মদৰ বা ড্ৰাগছৰ নিছাত মজি তাক পাহৰি থাকে। চৰকাৰ আৰু কাকতবোৰে, টিভি চেনেলে ড্ৰাগ বেপাৰী কেইটাকে একমাত্ৰ জগৰীয়া কৰি কি কাৰণে যুৱ প্ৰজন্মৰ মাজত এই প্ৰাণঘাতী নিছাৰ আসক্তি বাঢ়িছে, তাৰ আঁতিগুৰি ৰাইজক নজনায়।
আচলতে দেশৰ অৰ্থনীতিক ক্ৰমে লাভখোৰ বেপাৰীৰ হাতত তুলি দি মুখত ‘’ওম শান্তি’’গাই কেন্দ্ৰীয় চৰকাৰে কৰ্মসংস্থানৰ ক্ষেত্ৰত মৰুভূমি সৃষ্টি কৰিছে। ২০১৯চনতে অৰ্থনীতিবিদ সকলে অনুমান কৰিছিল যে দেশত সৰুসুৰা বা মজলীয়া ধৰণৰ জীৱিকা আগৰে পৰা সংকটগ্ৰস্ত আছিল। কৰোনাৰ খুন্দাত তাৰ ৪০শতাংশ বা পাঁচভাগৰ দুভাগ কৰ্মসংস্থান খতম হ’ল। যোৱা তিনিবছৰে আৰু বহুত জীৱিকাৰ অৱসান হৈছে। অতএব আত্মহত্যা, ড্ৰাগছ, অপৰাধ আদিত যুৱ প্ৰজন্ম লিপ্ত হৈছে- বিশেষকৈ দুখীয়া শ্ৰেণীৰ মানুহৰ মাজত। কোনো ধৰ্ম, জাতি, ভাষা তাৰ বিৰুদ্ধে ৰক্ষা কবচ হব পৰা নাই।
কৰোনাৰ আচম্বিত আৰু সুদূৰ প্ৰসাৰি আক্ৰমণত সকলো দেশৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ল’ৰা ছোৱালীৰ শিক্ষা বিধ্বস্ত হৈছে। ৰাষ্ট্ৰসংঘৰ শিশু আৰু কিশোৰ সকলৰ বিশ্বজোৰা তত্বাৱধান ৰখা UNICEF নামৰ সংস্থাৰ সঞ্চালকে কৈছে ইতিপূৰ্বে অনুন্নত দেশবোৰৰ ৫৩শতাংশ শিশু শিক্ষাৰ পৰা বঞ্চিত হৈ আছিল। কৰোনাৰ আক্ৰমণে প্ৰত্যক্ষ শিক্ষাদানৰ (offline teaching) অৱসান ঘটোৱাৰ ফলত সেই দেশবোৰৰ ৭০শতাংশ শিশু শিক্ষাৰ পৰা বঞ্চিত হৈছে। কোৱা বাহুল্য যে তাৰ বিতৰত ভাৰতৰ দৰে তথাকথিত ‘’উন্নত’’ দেশ ভাৰতো পৰিব। লেপটপ বা এণ্ড্ৰয়ড্ মবাইল শিক্ষাৰ বাবে ব্যৱহাৰ কৰিবলৈ হয় বৃহৎসংখ্যক লোকৰ সামৰ্থ্য নাই, নহয় সেই ঠাইবোৰত ইন্টাৰনেট নথকাৰ ফলত মবাইল কামত নাহে। মনত ৰাখিব লাগিব একোটা পৰিয়ালত দুই তিনিটা শিশু শিক্ষাৰ পৰা এনেকৈ বঞ্চিত হব লগা হৈছে।
মুখত নানা ফাং ফুং মন্ত্ৰ উচ্চাৰণ কৰাৰ উপৰি মানুহক ফুচুলাবলৈ নানা সস্তীয়া ভাও দি ফুৰা শাসক শ্ৰেণীয়ে এই সম্পৰ্কে চিন্তিত হোৱা দেখা নাযায়। কাৰণ জনগণৰ হিত লৈ তেওঁলোক ব্যস্ত নহয়, তেওঁলোকক লাগে জনগণৰ ভোট। তাৰ বাবে প্ৰকৃত উপকাৰতকৈ ফুচুলনিয়েই যথেষ্ট।
এই পৰিস্থিতিত সাধাৰণ শিক্ষা (বা সাধাৰণ শ্ৰেণীৰ শিক্ষা) জহিখহি যোৱা আচৰিত নহয়। তৎপৰতাৰে তাক বচাই মেৰামতী কৰাৰ কোনো আগ্ৰহ চৰকাৰৰ নাই। তাৰ ঠাইত হলাগছত বাগিকুঠাৰ মাৰি সাধাৰণ শিক্ষা ব্যৱস্থাৰ অৱসান ঘটোৱাতহে তাৰ উৎসাহ বেছি। তেতিয়া ব্যৱসায়ীয়ে শিক্ষা ব্যৱস্থা সম্পূৰ্ণ দখল কৰি শিক্ষাক বজাৰৰ পণ্য সামগ্ৰীত পৰিণত কৰিব। ধনবান শ্ৰেণীহে নিজৰ সন্তানক শিক্ষা দিবলৈ সক্ষম হব।
সকলো উন্নত দেশত দুই ধৰণৰ শিক্ষা ব্যৱস্থা আছে- সাধাৰণ ৰাইজৰ বাবে (ৰাজহুৱা) সাধাৰণ শিক্ষাব্যৱস্থা, যাৰ ব্যয় চৰকাৰে বহন কৰে, আৰু ব্যৱসায়ী শিক্ষাব্যৱস্থা যাৰ ব্যয় ধনবান সকলৰ পৰা আহে। সেইবোৰ দেশত সাধাৰণ শিক্ষাৰ পৰাও অসংখ্য কৃতবিদ্য লোক ওলাইছে। আমাৰ দেশতো পৰাধীন অৱস্থাতো চি ভি ৰমন, সত্যেন বসু, মেঘনাদ সাহাৰ দৰে বৈজ্ঞানিক আৰু নানা খ্যাতনামা বিদ্বান, সাহিত্যিক, শিল্পী, আগশাৰীৰ ৰাজনীতিবিদ ওলাইছে। গতিকে সাধাৰণ শিক্ষাক বাজী গাই বোলাৰ দু:সাহস কেৱল ধনিক শ্ৰেণীৰ চাটুকাৰ বিলাকৰহে আছে। অসমৰ দৰে দুখীয়া ৰাজ্যত সাধাৰণ শিক্ষাৰ একান্ত প্ৰয়োজনৰ কথা নকলেও চলে।
কিন্তু এইখন ৰাজ্যতে চৰকাৰে সাধাৰণ শিক্ষাত গুৰিতে ঘাপ মৰাৰ যো-জা কৰিছে। অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তই কৈছে যে যোৱা কেইবছৰমান ধৰি অসমৰ ছাত্ৰ-ছাত্ৰীয়ে NEET আদি সৰ্বভাৰতীয় পৰীক্ষাত আৰু আই এ’এছ আদি ৰাজহুৱা সেৱাত নিয়োজিত চাকৰিৰ পৰীক্ষাত ভাল ফলাফল দেখুৱাব পৰা নাই।সেয়ে তাৰ সমাধান হিচাবে অসমীয়া মাধ্যমৰ ৰাজহুৱা বিদ্যালয়ত অষ্টমমানৰে পৰা গণিত, বিজ্ঞান,ইংৰাজী(!), এই তিনিটা বিষয় ইংৰাজীত পঢ়োৱা হ’ব।
যোৱা কেইবছৰে যদিহে এইবোৰ পৰীক্ষাত অসমৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব পৰা নাই, তাৰ কাৰণ অনুসন্ধান কৰা হৈছেনে ? নে কভিড আৰু অন্যান্য খেলিমেলি(যেনে চৰকাৰৰ অমনোযোগিতা বা প্ৰয়োজনীয় সংখ্যাৰ শিক্ষকৰ অভাৱ) তাৰ বাবে প্ৰধানকৈ জগৰীয়া?ইংৰাজী মাধ্যমৰ বহুত বিদ্যালয় ওলাইছে, তাৰ পৰা ওলোৱা অসমৰ ছাত্ৰ-ছাত্ৰীসকলেও ভাল ফলাফল দেখুৱাব পৰা নাই নেকি?তেনেহ’লে ওপৰৰ শ্ৰেণীত ইংৰাজী মাধ্যম প্ৰচলন কৰাৰ পৰা কি ফয়দা হ’ব?
নতুনকৈ অষ্টম শ্ৰেণীত ইংৰাজী মাধ্যম আৰম্ভ কৰিলে পৰিণাম বিষম হ’ব? কাৰণ এনেয়েও সপ্তম শ্ৰেণী পৰ্য্যন্ত মামুলি ধৰণৰ ইংৰাজী শিকি হঠাতে অষ্টম শ্ৰেণীত উচ্চ মানৰ অনুপযোগী পাঠ্যপুথি প্ৰচলন কৰি আমাৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাত যে ইংৰাজী শিক্ষা অতি কেঁচা অৱস্থাত ৰাখি দিয়া হৈছে,সেই বিষয়ে আমি দহ-পোন্ধৰ বছৰ আগৰে পৰা মাজে-মাজে সকীয়াই আহিছোঁ।আজি হঠাতে তেনে এচাম ছাত্ৰ-ছাত্ৰীৰ ওপৰত গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত শিকোৱা পদ্ধতি জাপি দিলে ছাত্ৰ-ছাত্ৰী অথাই সাগৰত পৰিব। ইমান দিনে অসমীয়া ভাষাত সেই দুটা বিষয় শিকাই থকা পটু শিক্ষক সকলৰো সমস্যা হ’ব।ফলত ৰাজহুৱা শিক্ষা ব্যৱস্থা ওপৰৰ ফালে ভাঙি পৰাৰহে আশংকা আছে।সন্দেহ হয় চৰকাৰে জানি-শুনি এই ব্যৱস্থা কৰিছে ব্যৱসায়িক শিক্ষাৰ পথ সুগম কৰিবলৈ।
‘জাতীয়’ সংগঠনে কি কৰিছে? কোনো কোনো নেতাই হুংকাৰ দিছে ‘এইটো কদাপি মানি লোৱা নহ’ব’! কিন্তু নামানিবলৈ মুখেৰে হুংকাৰ দিলেই নহ’ব।চৰকাৰে আৰম্ভ কৰি দিলে কি কৰিব, ৰাইজক জনাওক।কৃষক আন্দোলনৰ দৰে দৃঢ়তা দেখুৱাব পাৰিবনে? ইমানদিনে ‘জাতি জাতি’ বুলি চিঞৰা বিলাকৰ দল ৰাষ্ট্ৰীয় দলত জাহ গ’ল। জাতীয়তাবাদ দালালিত পৰিণত হোৱা নাই বুলি প্ৰমাণ কৰিবলৈ যথাযোগ্য প্ৰতিৰোধ কৰি দেখুৱাব লাগিব।
বিৰোধীৰ ৰণছালি
বৰ্ত্তমান পৰিস্থিতিত বিৰোধী দল সমূহক নিৰুৎসাহ কৰিবলৈ আমি উৎসুক নহওঁ।‘নাই মোমাইতকৈ কণা মোমায়েই ভাল’। কিন্তু তেওঁলোকৰ বিৰোধিতাও শাসক দলৰ দৰে থিয়েটাৰত পৰিণত নোহোৱাই ভাল।
বিধানসভাত বিৰোধীৰ ভূমিকা বৰ বেয়া নহ’লেও তেওঁলোকৰ বিধায়ক কেবাজনো শাসক পক্ষলৈ বেঙা মেলা অৱস্থাই সূচায় যে তেনে বিধায়ক সকলৰ নিজা স্বাৰ্থ আৰু উচ্চাকাংক্ষাৰ বাহিৰে আন একো কথাত আগ্ৰহ নাই। এই অৱস্থা কেনেকৈ হ’বলৈ পালে?নেতাসকলে দলীয় মিটিং পাতি, লে’কচাৰ দি এই অৱস্থাৰ অৱসান ঘটাব নোৱাৰে।সৰ্বসাধাৰণ ৰাইজক সুধি নিৰ্বাচনৰ প্ৰাৰ্থী থিয় কৰাওক। কেৱল নেতা বিলাকৰ ‘লবি’ অনুযায়ী প্ৰাৰ্থী বাছিলে গেলা বৰালিহে পাই থাকিব।
তেওঁলোকৰ প্ৰচাৰ অভিযানতো সেই দুৰ্বলতাই দেখিছোঁ।কাকত আৰু টিভিত কিবা ‘ইস্যু’ ওলালে তেওঁলোকে তৰ্জনগৰ্জন কৰে।কিন্তু তেওঁলোকে নিজাকৈ কোনো বিষয় ৰাইজক আলোড়িত কৰা ‘ইস্যু’ত পৰিণত কৰিব নোৱাৰে।
অৰ্থাৎ সৰ্বসাধাৰণ ৰাইজৰ লগত তেওঁলোকৰ যোগাযোগ হ্ৰাস পাইছে।সাংবাদিক সকল ৰাইজ নহয়,সংবাদৰ প্ৰচাৰকহে।এটা কথা ঠিক যে সমষ্টিয়ে-সমষ্টিয়ে আৰ-এছ-এছে অঘাসুৰৰ দৰে মুখ মেলি আছে গিলিবলৈ।ইমান দিনে তাক চেৰাই যোৱাৰ কৌশল ৰচনা কৰিব পাৰিব লাগিছিল। উদ্যোগী জনৰহে মৰণ নাই।