• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত সংবাদমেল : নগাঁও চহৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব শিক্ষা মেলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2025 9:26 pm
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত সংবাদমেল : নগাঁও চহৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব শিক্ষা মেলা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে আজি এখন সংবাদমেলৰ আয়োজন কৰে ৷ ১১ আৰু ১২ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া নগাঁও চহৰৰ প্ৰথমখন শিক্ষা মেলাৰ সম্পৰ্কত আয়োজিত হোৱা এই সংবাদমেলত অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকা, উপ পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশ, উপ পৰীক্ষা নিয়ন্ত্ৰক মানস কপিল পাঠক আৰু SPEAR ৰ সভাপতি জ্যোতিৰ্ময় হাজৰিকাই ।

ভাষণ আগবঢ়াই বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকাই বিশ্ববিদ্যালয়খনে আয়োজন কৰিবলৈ আগবঢ়া শিক্ষা মেলাৰ সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায় । লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া শৈক্ষিক অনুষ্ঠানসমূহ তথা তাৰ বিশিষ্ট ব্যক্তিসকলৰ মাৰ্গদৰ্শনত নৱপ্ৰজন্মই অত্যাধুনিক পাঠ্যক্ৰমৰ বিষয়ে জানিবলৈ সক্ষম হোৱাৰ লগতে কৰ্মমুখী পথ মুকলি কৰিব পাৰিব বুলিও উল্লেখ কৰে ৷

অনুষ্ঠানত এই মেলাত সহযোগ কৰা SPEAR ৰ সভাপতি তথা পি টি আইৰ সাংবাদিক জ্যোতিৰ্ময় হাজৰিকায়ো এই শিক্ষা মেলাৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰে । তেওঁ কয়, নগাঁও চহৰত বিশ্ববিদ্যালয়খনে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আয়োজন কৰা এই শিক্ষা মেলাই এক ইতিহাস সৃষ্টি কৰিব ।

কাইলৈ পুৱা ১০ বজাত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই শিক্ষা মেলাখন উন্মোচন কৰিব । তদুপৰি, দুদিনীয়া এই শৈক্ষিক মেলাত তিনিটাকৈ পেনেল ডিচকাচনো অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিয়ে জনাইছে ৷ তদুপৰি আয়োজক সমিতিয়ে সকলো শিক্ষা প্ৰেমীৰ উপস্থিতি কামনা কৰিছে ।

Society for Promotion of Education in Assam Region (SPEAR) ৰ সহযোগত আয়োজিত এই দুদিনীয়া মেলাখনৰ মূল উদ্দেশ্য হৈছে নগাঁও আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত সজাগ কৰা আৰু উপযুক্ত কেৰিয়াৰ গাইডেন্স প্ৰদান কৰা ৷ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহে অংশগ্ৰহণ কৰি বিভিন্ন শৈক্ষিক আৰু পেছাদাৰী পাঠ্যক্ৰমৰ বিষয়ে বিতংভাৱে জনাব এই শিক্ষা মেলাত । এই মেলাখনত অংশগ্ৰহণকাৰীসকলে প্ৰতিনিধিসকলৰ সৈতে পোনপটীয়াকৈ কথা পাতি নিজৰ কেৰিয়াৰ সম্পৰ্কে বহুতো নতুন কথা জানিব পাৰিব, লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ন-ন পাঠ্যক্ৰমসমূহৰ বিষয়েও অৱগত হ’ব পাৰিব । শিক্ষাৰ্থী আৰু শিক্ষকসকলক এই মেলাখনত যোগদান কৰি নিজৰ ভৱিষ্যতৰ বাবে সঠিক পথ নিৰ্ধাৰণ কৰিবলৈ উৎসাহিত কৰাই মেলাখনৰ মূল লক্ষ্য বুলি উদ্যোক্তা সকলে জনাইছে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

August 25, 2025 8:40 am
বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

August 25, 2025 8:09 am
গ্রীণ টিৰ উপকাৰিতা জানো আহক

গ্রীণ টিৰ উপকাৰিতা জানো আহক

August 25, 2025 6:45 am
বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

August 25, 2025 8:40 am
বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

August 25, 2025 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd