চকুৰে ক’লা ক’লা দেখিব ফেইচবুক; মুকলি নতুন ফিচাৰ্ছ

Facebook launch

ফেইচবুকৰ নতুন ফিচাৰ্ছ

ছ’চিয়েল মিডিয়াৰ অন্যতম প্ৰতিষ্ঠান ফেইচবুকে ‘ডাৰ্ক মুড’ মুকলি কৰাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে।

ফেইচবুকে এন্ড্ৰইড বিটা এপত ইতিমধ্যে ডাৰ্ক মুডৰ ৰোলিং আৰম্ভ কৰিছে বুলি এন্ড্ৰইড পুলিচে জনাইছে।

ফেইচবুক এপ ‘ডাৰ্ক মুড’ত চলি থকাৰ স্ক্ৰীণ শ্বটো ইতিমধ্যে শ্বেয়াৰ কৰা হৈছে। হোৱাটছ এপ, ইষ্টাগ্ৰাম আৰু ফেইচবুক মেজেনজাৰৰ গৰাকী ফেইচবুকে পূৰ্বেই ‘ডাৰ্ক মুড’ মুকলি কৰিছিল।

শেহতীয়াভাৱে এন্ড্ৰইড স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলৰ বাবে ফেইচবুক আৰু হোৱাটছ এপ ডাৰ্ক মুডত ব্যৱহাৰ কৰিব পৰাৰ ক্ষেত্ৰত ফেইচবুকে কাম কৰি আছে।

আনহাতে, প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা বৰ্তমানলৈ আইফোনত এই ডাৰ্ক মুড এপ্লিকেশ্যন দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা চৰ্চা কৰা হোৱা নাই বুলি উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে, ফেইচবুক সাধাৰণতে নীলা ৰঙৰ সৈতে ব্যৱহাৰকাৰী সকলে ব্যৱহাৰ কৰি আহিছে।