• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2023 4:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা প্ৰচাৰমূলক ভিডিঅ’ত, গুগলৰ নতুন চেটবট ‘বাৰ্ড’ক এটা সৰল প্ৰশ্ন সোধা হৈছিল। উত্তৰটো ভুল দিছিল। ফলত নিশাটোৰ ভিতৰতে গুগলে মূলধন বজাৰত ১০০ বিলিয়ন ডলাৰ হেৰুৱালে। এই ঘটনাত গুগলৰ মূল কোম্পানী এলফাবেটৰ শ্বেয়াৰৰ মূল্য ৯ শতাংশলৈ হ্ৰাস পায়।

কৃত্ৰিম বুদ্ধিমত্তা চেটবট চেটজিপিটি বজাৰলৈ অহাৰ পিছত জনপ্ৰিয়তা লাভ কৰিছিল। অন্যান্য প্ৰযুক্তি প্ৰতিষ্ঠানসমূহেও এই খণ্ডত বিনিয়োগ কৰে। শেহতীয়াকৈ গুগল, মাইক্ৰছফ্ট আৰু বাইডুৰ দৰে প্ৰযুক্তি কোম্পানীবোৰে এই দৌৰত যোগ দিছে।

বুধবাৰে প্ৰকাশিত এক বাতৰি অনুসৰি, গুগলে টুইটাৰত এটা সৰু জিআইএফ ভিডিঅ’ৰ জৰিয়তে বিজ্ঞাপনটো মুকলি কৰে আৰু প্ৰতিশ্ৰুতি দিয়ে যে ই জটিল বিষয়বোৰ সহজ কৰি তুলিব। কিন্তু দুৰ্ভাগ্যবশতঃ, বাৰ্ডে এই বিজ্ঞাপনতে এটা সৰল প্ৰশ্নৰ ভুল উত্তৰ দিছিল।

বিজ্ঞাপনটোত বাৰ্ডক সোধা হৈছিল, “জেমছ ৱেব টেলিস্কোপৰ কি নতুন আৱিষ্কাৰৰ বিষয়ে মই মোৰ ৯ বছৰীয়া সন্তানক ক’ব পাৰো?” উত্তৰত কোৱা হয় যে এই দূৰবীণটোৱে প্ৰথমবাৰৰ বাবে পৃথিৱীৰ সৌৰজগতৰ বাহিৰত এটা গ্ৰহৰ ছবি তুলিছে। কিন্তু এই তথ্য শুদ্ধ নহয়। ২০০৪ চনত ইউৰোপিয়ান চাউদাৰ্ণ অবজাৰ্ভেটৰীৰ ভেৰী লাৰ্জ টেলিস্কোপ (ভিএলটি)য়ে প্ৰথমবাৰৰ বাবে এনে ধৰণৰ কিছুমান ছবি তুলিছিল। এইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ দ্বাৰা নিশ্চিত কৰা হৈছে।

কালি ৰাতিপুৱা গুগলত লাইভ ষ্ট্ৰীমিংৰ জৰিয়তে বাৰ্ড বিষয়টোৰ কিছু তথ্য উপস্থাপন কৰিছিল। তেওঁলোকে কৈছিল যে এই প্ৰযুক্তিটো তেওঁলোকৰ ছাৰ্চ ইঞ্জিনৰ সৈতে সংযুক্ত কৰা হ’ব। কেলিফৰ্ণিয়াৰ মাউণ্টেইন ভিউত থকা গুগলৰ মুখ্য কাৰ্যালয়ৰ পৰা লাইভ ষ্ট্ৰীম আৰম্ভ হোৱাৰ অলপ আগতে, বিজ্ঞাপনটোত বাৰ্ডৰৰ ভুল উত্তৰ প্ৰকাশ পাইছিল। সংবাদ সংস্থা ৰয়টাৰ্ছে প্ৰথমবাৰৰ বাবে এই ভুল উত্তৰটো চিনাক্ত কৰিছিল।

মাইক্ৰছফ্টৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা অপেন এ আই নামৰ এটা ষ্টাৰ্টআপ কোম্পানীৰ চেটজিপিটি মুকলি হোৱাৰ পিছৰে পৰা গুগল চাপত আছিল বুলি ধাৰণা কৰা হয়। যোৱা বছৰ নৱেম্বৰত ছফ্টৱেৰটো মুকলি হোৱাৰ পিছৰে পৰা, ই গ্ৰাহকসকলক প্ৰভাৱিত কৰি আহিছে।

সৰল প্ৰশ্নবোৰৰ সঠিক আৰু ভালদৰে লিখা উত্তৰৰ বাবে চেটজিবিটি-ক প্ৰশংসা কৰা হৈছে। মাইক্ৰছফ্টে মঙলবাৰে কৈছিল যে চেটজিপিটিৰ কাৰ্যক্ষমতা ইয়াৰ ছাৰ্চ ইঞ্জিন বিঙত যোগ কৰা হৈছে। এই ঘটনাবোৰৰ পৰিপ্ৰেক্ষিতত বুধবাৰে মাইক্ৰছফ্টৰ শ্বেয়াৰৰ মূল্য ৩ শতাংশ বৃদ্ধি হয়।

কৃত্ৰিম বুদ্ধিমত্তা-আধাৰিত অনুসন্ধানৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল ই কথিত ভাষাত জটিল প্ৰশ্নৰ উত্তৰ দিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd