NORTHEAST NOW (Assamese)

নগাঁও জিলাৰ জুৰীয়াত আৰক্ষীৰে জালনোট ব্যৱসায়ীৰ এনকাউণ্টাৰ,এজন গুৰুতৰভাবে আহত

September 25, 2021 2:36 pm · ৰিদিপ শৰ্মা,কলিয়াবৰ
Updated: September 25, 2021 2:55 pm

শুক্ৰবাৰে বিয়লি আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত আৰক্ষীয়ে জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধেঅভিযান চলায়।

অভিযানকালতে জুৰীয়াৰ বগুৰিগুৰিৰ মুবাৰক আলীৰ গৃহৰ সমীপত আৰক্ষীৰে ভেটাভেটি হয়  জালনোট ব্যৱসায়ীৰ এটা দলৰ।

সেই স্থানৰ পৰা পলায়ন কৰা অৱস্থাত তেজপুৰৰ জামগুৰিৰ জালনোট ব্যৱসায়ী ৰুস্তম আলীক লক্ষ্য কৰি আৰক্ষীয়ে গুলীয়ায়।

জানিব পৰা মতে আৰক্ষীয়ে অভিযান চলাই আটক কৰাৰ সময়তে তেজপুৰৰ জামগুৰিহাটৰ ৰুস্তম আলীৰ নেতৃত্বত সাতজনীয়া দুৰ্বৃত্তৰ দলে আৰক্ষীলৈ বন্দুক উলিয়াই গুলিয়াবলৈ উদ্যত হয়।

সেই সময়তে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে।ফলত এজন জালনোট সৰবৰাহকাৰীৰ দেহত গুলী লাগে।

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিতে নগাঁও আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাইছিল ধৃত জালনোট ব্যৱসায়ী ৰুস্তম আলী আৰু সহযোগী দলটোৰ বিৰুদ্ধে।

অৱশ্যেই বাকী ছয়টা দুৰ্বৃত্তই পলাই সাৰিবলৈ সক্ষম হয়।

Related News