ৰাজ্যত ভুৱা সাংবাদিক গ্ৰেপ্তাৰ; অস্বীকৃত নিউজ এপ চিনাক্ত

Fake-News-1-1140x570

প্ৰতিনিধিত্বমূল ফটো

দেওবাৰে হাইলাকান্দি জিলাত এগৰাকী ভুৱা সাংবাদিকক গ্ৰেপ্তাৰ কৰা হয়।

গুৱাহাটীৰ এটা নিউজ প’ৰ্টেল (নৰ্থইষ্ট নাও নহয়)ৰ এগৰাকী ক’ৰাছপ’ণ্ডেন্ট হিচাপে কাম কৰা দিলোৱাৰ হুছেইন লস্কৰক হাইলাকান্দি আৰক্ষীয়ে তেওঁৰ কাৰখনৰ সৈতে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে বিষয়টো জিলা তথ্য আৰু জনসংযোগ বিষয়া গৰাকীক অৱগত কৰাৰ পাছত বিষয়াগৰাকীয়ে লস্কৰ কোনো নিউজ প’ৰ্টেলৰ সৈতে জড়িত নহয় আৰু তেওঁ এগৰাকী ভুৱা সাংবাদিক বুলি এখন এজাহাৰ দাখিল কৰে।

হাইলাকান্দিৰ চৰকাৰী সূত্ৰই কয় যে Time8ৰ স্থানীয় সংবাদদাতা বিধান সেনে এগৰাকী ডিটিপি অপাৰেটৰ হিচাপে কাম কৰা লস্কৰক যোৱা ২৯ মাৰ্চত লকডাউনৰ সময়ত গুৱাহাটীৰ কাৰ্যালয়ৰ পৰা হোৱাটছএপ যোগে প্ৰেৰণ কৰা নতুন পৰিচয় পত্ৰৰ এটা প্ৰিন্ট আউট কপি উলিয়াই দিবলৈ কৈছিল।

লস্কৰে এখন ভুৱা পৰিচয়পত্ৰ বনাই লয় আৰু নিজকে Time8ৰ এগৰাকী সংবাদদাতা হিচাপে চিনাকি দি ফুৰে।

আৰক্ষীয়ে লস্কৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪০৯ আৰু ৪২০ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।

ইপিনে, আন এক ঘটনাত দেওবাৰে ৰাজ্যখনৰ এখন আগশাৰীৰ ইংৰাজী দৈনিক কাকতৰ এটা অস্বীকৃত ম’বাইল ফোন এপ্লিকেশ্যন চিনাক্ত কৰা হয়।

ৰাজ্যখনৰ আটাইতকৈ পুৰণি ইংৰাজী দৈনিক কাকত ‘দ্য আছাম ট্ৰিবিউন’ৰ অস্বীকৃত (unauthorized) মোবাইল এপ গুগল প্লে  ষ্ট’ৰত দেখা পোৱা যায়।

আছাম ট্ৰিবিউন কৰ্তৃপক্ষই কয় যে তেওঁলোকে এই বিষয়টো আৰক্ষীক অৱগত কৰিছে।

আনহাতে, অসম আৰক্ষীয়েও এটা টুইটাৰ প’ষ্টৰ যোগে এপটোৰ বিৰুদ্ধে য়ুজাৰসকলক সতৰ্ক কৰি দি কৈছে যে এপ টো ‘ভুৱা আৰু অস্বীকৃত’। ‘’ডাউনলোড, ব্যৱহাৰ নকৰিব বা কোনো পেমেন্ট নকৰিব,’’-টুইটটোত সতৰ্ক কৰি দিয়া হয়।