বাক্সাৰ তামুলপুৰত ‘ৰত্নাকৰ’ৰ প্ৰচাৰ চলালে টিম ৰত্নাকৰে

IMG_20190929_125454

ফটো : নৰ্থ-ইষ্ট নাও

জুবিন গাৰ্গৰ কাঞ্চনজংঘাই বিপুল সঁহাৰি লাভ কৰাৰ পাছত অহা ১১ অক্টোবৰত ছবিঘৰলৈ আহিব অসমীয়া ছবি ৰত্নাকৰ।

অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰত ব্যস্ত থকা ‘ৰত্নাকৰ’ ছবিখনৰ অভিনেতা যতীন বৰা, বৰষাৰাণী বিষয়া, প্ৰযোজিকা নৱনিতা শৰ্মা বৰা, শিশু শিল্পী হৰ্ষিতা ভট্টাচাৰ্যসহ কলা-কুশলী সকলে আজি প্ৰচাৰ চলালে বাক্সা জিলাৰ তামুলপুৰত।

তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু প্ৰিয়ম ডেন্স এণ্ড ড্ৰামা স্কুলৰ লগতে সংহত শিশু বিকাশ প্ৰকল্পৰ সহযোগত প্ৰচাৰ চলালে টিম ৰত্নাকৰ পৰিয়ালে।

তামুলপুৰৰ যুৱক-যুৱতী, পুৰুষ-মহিলাসহ সহস্ৰাধিক ৰাইজে গীতৰ তালে তালে নাচি বাগি উৎসাহিত কৰিলে ৰত্নাকৰ পৰিয়ালক। গীত গালে হৰ্ষিতাই আৰু নৃত্য কৰিলে শিশু শিল্পী অশ্ৰামিকাই। ৰাইজক আহ্বান জনালে ৰত্নাকৰ চাবলৈ শিশু শিল্পী দুগৰাকীয়ে। প্ৰযোজিকা নৱনীতা শৰ্মা বৰা আৰু মানসে গীত গোৱাৰ উপৰি যতীন বৰা, বৰষাৰাণী বিষয়াই ৰত্নাকৰ চিনেমাখনৰ উপস্থিত দৰ্শকক আমোদ দিয়ে।

ইফালে তামুলপুৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰৱেশ কৰাৰ আগ মূহুৰ্তত স্থানীয় শিল্পীসকলে শৰণীয়া কছাৰী, বিহু নাম,  বড়ো নৃত্যৰে বিপুল ভাবে আদৰণি জনাই যতীন বৰা, বৰষাৰাণী বিষয়াসহ টীম ৰত্নাকৰ পৰিয়ালক।

আনহাতে তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্য্যালয়ৰ পৰা আয়োজন কৰা পোষণ মাহৰ কাৰ্যসূচীৰ অংশ হিচাপে পৰিপুষ্টিৰ ওপৰতো ভাষণ ৰাখিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই।