NORTHEAST NOW (Assamese)

আফ্ৰিদিক সহায় কৰিবলৈ আহ্বান জনোৱা হৰভজন সিঙক তীব্ৰ সমালোচনা

March 29, 2020 7:34 pm · এন ই নাও নিউজ
Updated: March 29, 2020 7:42 pm

ভাৰতীয় অফ স্পিনাৰ হৰভজন সিং আৰু পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ চাহিদ আফ্ৰিদি ক্ৰিকেটৰ পথৰাত ঘোৰ বিৰোধী আছিল। কিন্তু আফ্ৰিদিৰ সেৱা মনোভাৱ দেখি হৰভজন এতিয়া তেওঁৰ অনুৰাগী হৈ পৰিছে।

শেহতীয়াকৈ হৰভজন সিঙে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি লোকসকলক চাহিদ আফ্ৰিদিৰ NGO লৈ সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছিল।

আফ্ৰিদিৰ NGO টোৱে ক’ৰ’নাত আক্ৰান্ত লোকসকলক সহায় আগবঢ়াই আছে। হৰভজনে ভিডিঅ’টো শ্বেয়াৰ কৰি কয়, ‘এই সময়ত সমগ্ৰ বিশ্ব কঠিন পৰিস্থিতিৰ মাজত আছে। সেয়া ভাৰতে হওক, আমেৰিকাই হওক বা পাকিস্তানেই হওক’।

হৰভজন সিঙে কয় যে এই কঠিন পৰিস্থিতিৰ সময়ত আমি সকলো একত্ৰিত হ’ব লাগে। চাহিদ আফ্ৰিদিয়ে ভাল কাম কৰি আছে। মানৱীয়তাৰ খাতিৰত আমি সহায় কৰিব লাগে আৰু ইয়াৰ অংশীদাৰ হ’ব লাগে।

হৰভজনে নিজৰ প’ষ্টটোত যুৱৰাজ সিং. ৱাছিম আক্ৰাম আৰু চোৱেইব আখতাৰক টেগ কৰিছে।

ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে ক্ৰিকেটাৰ গৰাকীক তীব্ৰ সমালোচনা কৰিছে তেওঁৰ অনুৰাগী সকলে। বিভিন্ন জনে হৰভজনক বেয়া বেয়াকৈ ট্ৰ’ল দিয়া পৰিলক্ষিত হৈছে।

বহু কেইজন অনুৰাগীয়ে হৰভজনক পাকিস্তানৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে ভাৰতৰ কথা চিন্তা কৰিবলৈ আহ্বান জনাইছে। আন এজনে কৈছে যে আমাৰ প্ৰধান মন্ত্ৰীয়েও pmcares নামেৰে এক অভিযান চলাইছে, সেইটোৰ প্ৰচাৰ কৰিলে আপোনাৰ মানৱীয়তা শেষ হৈ নাযায়।

উল্লেখ্য যে, ভয়াবহ ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ চাহিদ আফ্ৰিদিয়ে টুইটাৰৰ জৰিয়তে এটা অভিযান চলাইছিল। এই অভিযানৰ অংশ হ’বলৈ আফ্ৰিদিয়ে ভাৰতৰ হৰভজন সিং, ইংলেণ্ডৰ ক্ৰিছ জৰ্ডান আৰু পাকিস্তানৰ মোহম্মদ আমিৰক মনোনীত কৰিছিল।

Related News