কৃষি আইনৰ বিৰোধিতাৰে আজি চাৰিঘণ্টীয়া ‘ৰে’ল বন্ধ’, নিৰাপত্তাৰক্ষী মোতায়েন

কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী কৃষি আইনৰ প্ৰতিবাদত সংযুক্ত কিষাণ মৰ্চাই আজি দিনৰ ১২ বজাৰ পৰা আবেলি ৪ বজালৈকে চাৰিঘণ্টীয়া ৰে’ল বন্ধ পালন কৰিছে।

৪০খন কৃষক সংগঠনক প্ৰতিনিধিনত্ব কৰা সংযুক্ত কিষাণ মৰ্চাই তেওঁলোকৰ এই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ দেশজুৰি সমৰ্থন লাভৰ আশা কৰিছে।

আনহাতে, ৰে’লৱে বিভাগে ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

ৰে’লৱে প্ৰটেকচন ফৰ্চে (আৰপিএফ) পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগত অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰয়োগ কৰিছে।

ৰে’লৱে প্ৰটেকচন ফ’ৰ্চৰ ডাইৰেক্টৰ জেনেৰেল অৰুণ কুমাৰে সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ অনুৰোধ কৰিছে।

তেওঁ কয় যে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰ ওপৰত ৰে’লৱে’ বিভাগে চকু ৰাখিব।

আনহাতে, ৰে’লৱে’ বিভাগৰ পৰা জনামতে চাৰিঘণ্টীয়া ৰে’লবন্ধৰ সময়ছোৱাত ট্ৰেইন চলাচল সম্পৰ্কে কোনোধৰণৰ সিদ্ধান্ত লোৱা হোৱা নাই আৰু পৰিস্থিতি অনুযায়ী কাৰ্যপন্থা হাতত লোৱা হ’ব।

সংযুক্ত কিষাণ মৰ্চাই চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰিছে। মৰ্চাই কয় যে তেওঁলোকৰ দাবীক চৰকাৰে গ্ৰহণ কৰাৰ বিপৰীতে আন্দোলনটোক ধ্বংস কৰাৰ পক্ষপাতসূলভ আচৰণ গ্ৰহণ কৰিছে।

সংযুক্ত কিষাণ মৰ্চাই লগতে কয় যে তেওঁলোকৰ সংগ্ৰামখন অধিক তীব্ৰতৰ কৰি তুলিব।