ল’কডাউনৰ বাবে গভীৰ সংকটত খেতিয়ক; ষ্ট্ৰ’বেৰি খেতি পৰিদৰ্শন বাক্সাৰ উপায়ুক্তৰ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা একৈশ দিনীয়া ল’কডাউনৰ ফলশ্ৰুতিত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ কৃষকসকলেও তেওঁলোকৰ উৎপাদিত শাক পাচলি বিক্ৰীৰ ক্ষেত্ৰত তীব্ৰতৰ সমস্যাৰ সন্মুখীন হ’ব লগীয়াত পৰিছে।

তেনে এগৰাকী কৃষক হৈছে বাক্সা জিলা সদৰ মুছলপুৰৰ সমীপৱৰ্তী বৰিমাখা গাঁৱৰ দিপুল বড়ো। উদ্যমী কৃষক দিপুল বড়োই বিগত প্ৰায় চাৰি বছৰ ধৰি নিজৰ মাটিত ষ্ট্ৰ’বেৰিৰ খেতি কৰি আৰ্থিকভাৱে যথেষ্ট স্বচ্ছল হ’বলৈ সক্ষম হৈছিল। এই বছৰো নিজৰ প্ৰায় ডেৰ বিঘা মাটিত তেওঁ ষ্ট্ৰ’বেৰিৰ খেতি কৰিছিল।

উৎপাদিত পকা ষ্ট্ৰ’বেৰিসমূহ ওচৰৰ বজাৰৰ লগতে গুৱাহাটীলৈও প্ৰতি কিলোগ্ৰামত ৩৮০ টকা দৰত বিক্ৰী কৰি আহিছিল। কিন্তু ল’কডাউনৰ ফলত বজাৰলৈ এই ফচলসমূহ সৰবৰাহ কৰিব নোৱাৰাত পথাৰতে ষ্ট্ৰ’ৱেৰিসমূহ গেলিপচি বিনষ্ট হ’বলৈ আৰম্ভ কৰিছে।

ফলত অতি নূন্যতম মূল্যত বা বিনা মূল্যে ভগাই  দিব লগীয়াত পৰিছে মূল্যবান ষ্ট্ৰৱেৰি সমূহ। এই খবৰ লাভ কৰি বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই মঙলবাৰে জিলা গ্ৰামোন্নয়ণ বিভাগৰ প্ৰকল্প সঞ্চালক ৰবীন্দ্ৰ মুছাহাৰী আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া হেমচন্দ্ৰ পাঠকক লগত লৈ বৰিমাখা গাঁৱৰ কৃষক দিপুল বড়োৰ ঘৰত উপস্থিত হয় আৰু তেওঁৰ কৃষি ভূমি পৰিদৰ্শণ কৰে।

কৃষক গৰাকীৰ কৃষি ভূমিত উপস্থিত হৈ পচিবলৈ ধৰা পকা ষ্ট্ৰ’বেৰি দেখি উপায়ুক্ত গৰাকীয়ে উদ্দিগ্নতা প্ৰকাশ কৰে আৰু গ্ৰামোন্নয়ণ বিভাগৰ প্ৰকল্প সঞ্চালক গৰাকীক কৃষকজনে ফচল সমূহ বিক্ৰী কৰাৰ বাবে যাতে এখন উপযুক্ত বজাৰ লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

জিলাখনৰ কৃষক সকলৰ এনেধৰণৰ ফচল সমূহ যাতে নষ্ট হৈ নাযায় আৰু কৃষক সকলেও যাতে উৎপাদিত ফচলৰ উপযুক্ত মূল্য লাভ কৰে তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি দিপুল বড়োক উপযুক্ত ৰঞ্জন শৰ্মাই  আশ্বাস দিয়ে।