• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2025 10:25 am
সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা জিলাৰ সৰভোগসহ ৰাজ্যৰ খৰাং পীড়িত কৃষকৰ ভয়াবহ দুৰ্যোগৰ পৰা উদ্ধাৰৰ দাবী জনাই কৃষিমন্ত্ৰী অতুল বৰালৈ পত্ৰ প্ৰেৰণ কৰিলে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক ৰিতু ৰঞ্জন দাসে।

যোৱা ৮ আৰু ৯ জুলাই তাৰিখে সৰভোগৰ কেইবাখনো গাঁ‌ৱৰ কৃষকৰ খবৰলৈ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে তেওঁলোকৰ ভয়াবহ বিপৰ্যয় দেখি স্তম্ভিত হয় আৰু কৃষিমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি প্ৰয়োজনীয় ব্যৱস্থস গ্ৰহণৰ দাবী জনায়।

এফালে খৰাঙে শালি খেতিৰ পথাৰ ধূলিময় কৰি তোলাৰ সময়তে পাচলি খেতিয়কৰ উৎপাদিত পাচলিৰ দাম নাপাই ভয়াবহ লোকচানৰ সন্মুখীন হৈছে। সৰভোগ আৰু ইয়াৰ কাষৰীয়া ঠাইসমূহত পানীৰ দামত পাচলি বিক্ৰী হৈছে।

সৰভোগ, পাতিলাদহা, পাণবাৰী আদি ঠাইত এক কিলো জিকা ৫ টকা, পটল এক কিলো ৬ টকা, ভাতকেৰেলা এক কিলোত ৮ ৰ পৰা ১২ টকা, তিতাকেৰেলা প্ৰতি কিলো ৫ টকা, ভেণ্ডি, ভোল আৰু বেঙেনা প্ৰতি কিলোত ১০ টকাকৈ বিক্ৰী হৈছে।

যিসময়ত গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পাচলিসমূহ প্ৰতি কিলোত ৬০ ৰ পৰা ৮০ টকা দামত বিক্ৰী হৈছে সেই সময়ত সৰভোগসহ ইয়াৰ কাষৰীয়া কৃষকে পানীৰ দামত মধ্যভোগীৰ হাতত তুলি দিবলগীয়া হৈছে।

আচৰিত কথা যে কৃষকসকলে ভয়াবহ বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়তে বিয়াগোম কৃষি বিভাগ আৰু অসম চৰকাৰে ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে। কৃষকৰ পথাৰত ভৰি থোৱাৰ সলনি কৃষি বিষয়াসকলে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহিয়ে নিজৰ দায়িত্ব সামৰিছে।

এই প্ৰেক্ষাপটতে ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে সৰভোগৰ লগতে সমগ্ৰ ৰাজ্যতে দেখা দিয়া খৰাং পৰিস্থিতি তথ্য তুলি ধৰি কৃষিমন্ত্ৰীলৈ মেইল যোগে পত্ৰ প্ৰেৰণ কৰে।

পত্ৰত কোৱা হৈছে, – যোৱা ৮ আৰু ৯ জুলাই ২০২৫ তাৰিখে বৰপেটা জিলাৰ অন্তৰ্গত সৰভোগৰ কেইবাখনো গাঁ‌ৱৰ কৃষকক লগ পাইছিলোঁ‌ আৰু তেওঁ‌লোকৰ খেতিৰ অৱস্থাৰ বিষয়ে জনাৰ চেষ্টা কৰিছিলোঁ‌। অঞ্চলটোৰ পথাৰসমূহো প্ৰত্যক্ষ কৰিছোঁ‌। বৰষুণৰ পৰিমাণ কমি যোৱাত আৰু গৰম বৃদ্ধি পোৱাত পথাৰসমূহ শুকাই গৈছে। আহাৰ মাহ শেষ হ’বৰ হ’ল। অইন বছৰত এইসময়ত শস্যপথাৰ সেউজীয়া হৈ পৰে। কিন্তু এইবাৰ ৯০ শতাংশতকৈও বেছি কৃষকে কঠিয়া ৰুব পৰা নাই। যিসকলে মেচিনেৰে অথবা চলাৰ পাম্পৰ সহায়ত পানী তুলি কঠিয়া ৰুইছে তেওঁ‌লোকৰ কঠিয়া শুকাই যোৱাৰ উপক্ৰম হৈছে।

বহুতৰে কঠিয়াৰ বয়স বাঢ়ি গৈ ৰুৱাৰ উপযোগী হৈ থকা নাই। বাকীবোৰ কঠিয়াও এসপ্তাহ বৰষুণ নিদিলে ৰুৱাৰ সময় উকলি যাব। আচৰিত কথা যে কৃষকৰ এই দুৰ্গতি চলি থকাৰ সময়তো কোনো কৃষি বিষয়া বা চৰকাৰৰ প্ৰতিনিধি পথাৰলৈ গৈ খেতিয়কৰ খবৰ লোৱাৰ প্ৰয়োজনবোধ কৰা নাই। ৰাজ্যৰ বেছিভাগ জলসিঞ্চন আঁ‌চনিয়ে বিকল। চলাৰ পাম্প যোগান ধৰিছিল যদিও সেইসমূহে বেছিসংখ্যকেই শাসক দলৰ নেতা-পালিনেতা আৰু দালালৰ হেঁ‌চাত প্ৰয়োজনীয় স্থানত আৰু প্ৰকৃত কৃষকৰ মাটিত স্থাপন কৰা নাই।

ইয়াৰ ফলত কিছুসংখ্যক কৃষকে অত্যধিক দামত ডিজেল ক্ৰয় কৰি নিজাববীয়াকৈ পানী তোলাৰ ব্যৱস্থা কৰিছে। এটা কথা সত্য যে এয়া কেৱল সৰভোগৰ দৃশ্যই নহয়। আমি খবৰ লৈ জানিব পাৰিছোঁ‌ যে কামৰূপ, নলবাৰী, বৰপেটা, বাক্সা, চিৰাং, বঙাইগাঁ‌ও, কোকৰাঝাৰসহ নামনি অসমকে ধৰি সমগ্ৰ ৰাজ্যখনৰেই একেই অৱস্থা। চৰকাৰ অথবা কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্যবাসীয়ে ভয়াবহ সংকটৰ মুখামুখি হ’ব।

আন এক কৰুণ আৰু উদ্বেগজন দিশ হৈছে পাচলি খেতিয়কৰ দুৰৱস্থা। সৰভোগ, বৰপেটা ৰোড, পাতিলাদহা, পাণবাৰী আদি অঞ্চলত প্ৰচুৰ পাচলি উৎপাদন হৈছে যদিও কৃষকসকলে পানীৰ দামত মধ্যভোগী বেপাৰীৰ হাতত উৎপাদিত পাচিল তুলি দিবলগীয়া হৈছে। অঞ্চলটোৰ স্থানীয় বজাৰত এক কিলো পটলৰ দাম ৮ টকা, এক কিলো জিকাৰ দাম ৫ টকা, তিতা কেৰেলা প্ৰতি কেজিত ৫ টকা, লেচেৰা প্ৰতি কেজিত ৮ ৰ পৰা ১২ টকা, ভাত কেৰেলা ১০ টকাৰ পৰা ১৫ টকা।

অথচ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পাচলিসমূহ প্ৰতি কিলোত ৬০ টকাৰ পৰা ৮০ টকা দামত বিক্ৰী হৈ আছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে কঠোৰ শ্ৰম কৰি উৎপাদন কৰা কৃষকসকলে কি পৰিস্থিতিৰ মাজত জীৱন পাৰ কৰিছে।

আমি অঞ্চলসমূহলৈ গৈ কৃষকসকলৰ পৰা লাভ কৰা প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিত্তিত এই কথাসমূহ আপোনাৰ ওচৰত উত্থাপন কৰিলোঁ‌। আশা কৰিছোঁ‌ আপোনাৰ অধীনৰ কৃষি বিভাগৰ বিষয়াই তৎকালে কৃষকৰ পথাৰলৈ গৈ খা-খবৰ কৰিব আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। পাচলি খেতিয়কক উৎপাদিত ফচলৰ উচিত লাভজনক মূল্য দি মধ্যভোগীৰ পৰা ৰক্ষা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

August 18, 2025 11:29 am
ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

August 18, 2025 10:25 am
‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

‘ভোট চুৰি’ৰ অভিযোগ, কোন দহটা প্ৰশ্নৰ উত্তৰ এৰাই চলিছে নির্বাচন আয়োগে? দাঙি ধৰিলে বিৰোধীয়ে

August 18, 2025 9:36 am
চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

August 18, 2025 8:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান; দেওবাৰে বিশ্বনাথত উচ্ছেদ ৩০৯ টা পৰিয়াল

August 18, 2025 11:29 am
ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদীৰ আই ই ডি বিস্ফোৰণ, শ্বহীদ এজন জোৱান

August 18, 2025 10:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd