NORTHEAST NOW (Assamese)

তৈল পাম খেতি বন্ধৰ দাবীত গুৱাহাটীত কৃষক সংগঠনৰ প্ৰতিবাদ: মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

August 26, 2023 7:25 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত তৈলপাম খেতিক কেন্দ্ৰ কৰি উত্তাল হৈ আছে অসম। তৈলপামৰ খেতিয়ে ৰাজ্যৰ জৈৱ-বৈচিত্ৰক ধ্বংস কৰি তুলিব বুলি যুক্তি দৰ্শাই এই খেতিৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই আহিছে বহু লোকে। এই দাবীৰে আজি গুৱাহাটীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

অসম কৃষি শ্ৰমিক ইউনিয়ন আৰু অসম ৰাজ্যিক কৃষক সভাৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত তৈল পাম খেতিক সৰ্বনশীয়া আখ্যা দি জৈৱ বৈচিত্ৰ ৰক্ষাৰ স্বাৰ্থত তৈলপাম খেতি বন্ধ কৰিবলৈ দাবী জনাই মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে যে, কেন্দ্ৰীয় চৰকাৰে ২০২১ চনত অসম তথা উত্তৰ পূবত তৈল পাম কৃষিৰ মিছন ঘোষণা কৰাৰ লগে লগে দেশৰ আগশাৰীৰ কৃষি বিজ্ঞানী আৰু পৰিৱেশবিদ, অসম ৰাজ্যিক কৃষক সভাকে ধৰি ৰাজ্যৰ বিভিন্ন কৃষক সংগঠন, ৰাজনৈতিক দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল৷

কিন্তু বিগত দুবছৰে প্ৰকাশ কৰি অহা এই উদ্বেগ, আশঙ্কা আৰু প্ৰতিবাদক আওকান কৰি যোৱা ৮ আগষ্টত তিনিচুকীয়া জিলাৰ ধলাত পাম পুলি ৰোপন কৰি অসমত তৈল পাম মিছনৰ কাম আৰম্ভ কৰা হ’ল৷ কেন্দ্ৰীয় চৰকাৰে তৈল পাম কৃষিৰ উন্নয়নৰ বাবে ৯০:১০ হাৰত সাহায্য প্ৰদান কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে৷

অসমৰ কৃষি, কৃষকৰ স্বাৰ্থ আৰু জৈৱ বৈচিত্ৰ বিৰোধী তৈল পাম কৃষি মিছন আৰম্ভ কৰা কাৰ্যক অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে তীব্ৰ বিৰোধীতা কৰিছে, আৰু ৰাজ্যত তৈল পাম কৃষি তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ দাবী জনাইছে৷

উল্লেখযোগ্য যে কামৰূপ আৰু গোৱালপাৰাত ২০১৫ বৰ্ষতে পাম কৃষিৰ আৰম্ভ কৰা হৈছিল আৰু সাধাৰণ কৃষকক তৈল পাম কৃষিত জড়িত কৰা হৈছিল৷ তেতিয়া সাধাৰণ খেতিয়কৰ বাবে ৯০:১০ হাৰৰ অনুদান আগবঢ়োৱা হোৱা নাছিল৷

যোৱা কিছুদিন পূৰ্বে গোৱালপাৰাৰ আগিয়াৰ এগৰাকী কৃষকে এক হেক্টৰ ভূমিত ৮০-৯০ হাজাৰ টকা ব্যয় কৰি ৰোপন কৰা তৈল পাম গছ কাটি পেলাবলৈ বাধ্য হৈছে বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে।

কৃষক সংগঠনকেইটাৰ দাবী, নিজৰ পেট পোহাৰ বাবে শ্ৰম কৰি অনাবাদী পতিত মাটি, ব্ৰহ্মপুত্ৰৰ চৰত খেতি কৰা কৃষকক নিৰ্মমভাৱে উচ্ছেদ কৰা ৰাজ্য চৰকাৰখনে তৈল পাম কৃষিৰ বাবে চাৰিটা বৃহৎ কোম্পানীক মুঠ ১,৪৩,৭৫০ হেক্টৰ ভূমি আৱণ্টন দিছে৷

বাবা ৰামদেৱৰ পতঞ্জলীৰ প্ৰতি অধিক দৰদ প্ৰদৰ্শন কৰি সৰ্বাধিক পৰিমাণৰ ৬০,৩০০ হেক্টৰ ভূমি আৱণ্টন দিয়া হৈছে বুলিও অসম কৃষি শ্ৰমিক ইউনিয়ন আৰু অসম ৰাজ্যিক কৃষক সভাই অভিযোগ কৰে।

অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে এই সন্দৰ্ভত স্মাৰক পত্ৰখনৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত তিনিটা দাবী উত্থাপন কৰিছে:

১/ অসম তথা উত্তৰ পূবত তৈলপাম মিছন বন্ধ কৰাৰ লগতে ইতিমধ্যে আৰম্ভ কৰা তৈল পাম পুলি ৰোপন কাৰ্যত নিষেধাজ্ঞা জাৰি কৰিব লাগে।

২/ ২০১৫ চনত গোৱালপাৰা আৰু কামৰূপত আৰম্ভ কৰা তৈল পাম খেতি কৰি ক্ষতিগ্ৰস্ত হোৱা কৃষকক সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দি ক্ষতিগ্ৰস্ত মাটিৰ উৰ্বৰা শক্তি উভতাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷

৩/তৈল পাম কৃষিৰ বাবে কৰ্প’ৰেটক প্ৰদান কৰা ভূমি উভতাই লৈ দৰিদ্ৰ আৰু ভূমিহীন কৃষকক খেতি কৰাৰ বাবে প্ৰদান কৰিব লাগে। লগতে বিকল্প ব্যৱস্থা অবিহনে সকলোধৰণৰ উচ্ছেদ বন্ধ কৰিব লাগে৷

Related News