পঞ্জাৱ-হাৰিয়ানা সীমান্তত অপ্ৰতিৰোধ্য কৃষক সমদল! : দলঙৰ পৰা বেৰিকেড নদীত পেলাই আহিছে আগুৱাই

index.jpgn

পঞ্জাৱ-হাৰিয়ানাৰ চম্ভু সীমান্তত অপ্ৰতিৰোধ্য দিল্লী অভিমুখী কৃষক সমদল। দুই ৰাজ্যৰ সীমান্তত যোৱা ৪৮ ঘণ্টাৰ পূৰ্বে কৃষক সমদলটোক প্ৰতিৰোধ কৰিবলৈ সাজু কৰি ৰখা বেৰিকেড নিমিষতে ধূলিস্যাৎ কৰি দিয়ে দিল্লী অভিমুখী কৃষকৰ সমদলে।

কৃষকৰ ঐক্যৱদ্ধ শক্তিৰ ওচৰত যেন নতশিৰে বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হ’ল হাৰিয়ানাৰ মনোৰলাল খট্টৰৰ আৰক্ষী প্ৰশাসন।

হাৰিয়ানা আৰক্ষীয়ে পঞ্জাৱ-হাৰিয়ানা সীমান্তত সাজু কৰি ৰখা বেৰিকেড দলঙৰ পৰা নদীৰ বুকুলৈ পেলায় দি আগুৱাই আহিছে অপ্ৰতিৰোধ্য কৃষক সমদলটোৱে। কন্দুৱা গেছ, পানী নিক্ষেপ কৰিও প্ৰতিৰোধ কৰিব পৰা নাই কৃষক সমদলটোক।

আৰক্ষী প্ৰশাসনে কৃষক সমদলটোক ছত্ৰভংগ দিয়াবলৈ অতি নিষ্ঠুৰ আৰু বৰ্বৰতাৰে কন্দুৱা গেছৰ লগতে পানী নিক্ষেপ কৰিছে। ইফালে বিশিষ্ট সমাজকৰ্মী তথা স্বৰাজ অভিযানৰ প্ৰধান যোগেন্দ্ৰ যাদৱে দাবী কৰিছে যে হাৰিয়ানা আৰক্ষীয়ে বহু প্ৰতিবাদী কৃষকক গ্ৰেপ্তাৰ কৰিছে।

সংবিধান দিৱসৰ দিনাই দিল্লীলৈ আহি থকা কৃষকক ভেটা দিবলৈ পথত বেৰিকেড স্থাপন, কন্দুৱা গেছ আৰু পানী নিক্ষেপ কৰা হৈছে। আৰক্ষীয়ে অবৈধভাৱে কৃষক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি কৃষকৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা হৈছে বুলিও যোগেন্দ্ৰ যাদৱে দাবী কৰিছে।

উল্লেখ্য যে কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে ২৭ নৱেম্বৰত ‘দিল্লী চ’লো’ আহ্বানেৰে এক বিশাল প্ৰতিবাদী সমদলৰ আয়োজন কৰিছিল।

এই আহ্বানৰ প্ৰতি সঁহাৰি জনায় দেশৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান আৰু কেৰেলাৰ কৃষকসকলে দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।

ইফালে ক’ৰ’ণাৰ দোহাই দি বিশাল কৃষক সমদলটোক ভেঁটিবলৈ দিল্লীৰ সকলো সীমান্ত ছীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

ইফালে কৃষক সংগঠসমূহে কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনায় কৈছে যে দিল্লী চৰকাৰে যন্তৰ মন্তৰলৈ তেওঁলোকক যোৱাত বাধা প্ৰদান কৰিলে দিল্লী-হাৰিয়ানাৰ সীমান্তৰ ৰাষ্ট্ৰীয় ঘাইপথতে ধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।