• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্দোলনৰ পৰা ৰাজনীতিলৈ: অৱশেষত ৰাজনৈতিক দল খুলিলে প্ৰতিবাদী কৃষকে

পঞ্জাৱ বিধানসভাৰ ১১৭ খন আসনত প্ৰাৰ্থী দিব নতুন দলটোৱে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 25, 2021 6:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুতে ধাৰণা কৰা ধৰণেই অৱশেষত ৩২ টাকৈ প্ৰতিবাদী কৃষক সংগঠনে নতুন ৰাজনৈতিক দল খুলিলে।

নতুন দলটোৱে পঞ্জাৱৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। এই ৩২ টা সংগঠনে সংযুক্ত কৃষক মৰ্চাৰ পৰা আঁতৰি আহি নতুন ৰাজনৈতিক দলটোৰ জন্ম দিছে। নতুন ৰাজনৈতিক দলটোৰ নাম ৰখা হৈছে সংযুক্ত সমাজ মৰ্চা।

পঞ্জাৱ বিধানসভাৰ ১১৭ খন আসনত নিজৰ প্ৰাৰ্থী দিব এই নতুন দলটোৱে। পঞ্জাৱ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীৰ সৈতে নিৰ্বাচনী মিত্ৰতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে নতুন ৰাজনৈতিক দলটোৰ এগৰাকী নেতাই।

দেশৰ প্ৰায় ৪০ টা বিভিন্ন সংগঠনৰ ঐক্যৱদ্ধ মঞ্চ সংযুক্ত কৃষক মৰ্চাই এইবুলি কৈছে যে সংগঠনটোৱে নিজাববীয়াকৈ কোনো ৰাজনৈতিক দলৰ জন্ম নিদিয়ে।সংগঠনটোৱে আন কোনো ৰাজনৈতিক দলক সমৰ্থন অথবা বিৰোধিতাও নকৰে। সংযুক্ত কৃষক মৰ্চাৰ ন জনীয়া সমন্বয়ৰক্ষী সমিতিয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে।

কৃষক নেতা ৰাকেশ টিকাইতেও এইবুলি ঘোষণা কৰিছিল যে তেওঁ কোনো ৰাজনৈতিক দলত যোগাদান নকৰে আৰু নিৰ্বাচনো নেখেলে। টিকাইতে আনকি কোনো ৰাজনৈতিক দলৰ বেনাৰ-পোষ্টাৰতো তেওঁৰ ছবি ব্যৱহাৰ নকৰিবলৈ সকলোকে সতৰ্ক কৰি দিছিল।

‘কৃষকৰ স্বাৰ্থত মোৰ যুঁজ অব্যাহত থাকিব। কেতিয়াও মই ৰাজনীতিত যোগদান নকৰো’— এইদৰে মন্তব্য কৰিছিল ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইতে ।

১৫ মহীয়া আন্দোলনৰ জৰিয়তে তিনিখনকৈ কৃষি আইন বাতিল কৰোৱাবলৈ সক্ষম হোৱা কৃষক আন্দোলন পূৰা মাত্ৰাই সফল হৈছে।

টিকাইতে লগতে কৈছিল যে তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ কৃষকসকলে ঐক্যৱদ্ধ ভাবে যুঁজ দি যি সফলতা লাভ কৰিলে সেয়া ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব।

কৃষক নেতাগৰাকীয়ে কোনো ৰাজনৈতিক বেনাৰত যাতে তেওঁৰ ফটো ব্যৱহাৰ কৰা নহয় সেই বিষয়তো সকলোকে সতৰ্ক কৰি দিয়ে। তেওঁ কৈছিল—’কোনো ৰাজনৈতিক দলৰ সৈতে মোৰ সম্পৰ্ক নাই আৰু নাথাকিব’।

উল্লেখ্য সুদীৰ্ঘ ১৫ মহীয়া কৃষক আন্দোলনৰ সফল পৰিসমাপ্তিৰ পিছত ঘৰলৈ উভতি গৈছে প্ৰতিবাদী কৃষকসকলে।

আপোচহীন কৃষক আন্দোলনৰ ওচৰত আত্মসমৰ্পণ কৰি কেন্দ্ৰীয় চৰকাৰে তিনিখন কৃষি আইন বাতিল কৰাৰ লগতে প্ৰতিবাদী কৃষকৰ সকলো দাবীৰ ওপৰত আলোচনাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত অৱশেষত প্ৰতিবাদৰ সমাপ্তি ঘটিছিল।

কৃষক আন্দোলনৰ নেতৃত্ব দিয়া ৪০ টা কৃষক সংগঠনৰ সন্মিলিত সংস্থা সংযুক্ত কিষাণ মৰ্চা (এছকেএম)য়ে তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল আৰু ঘোষণা কৰিছিল যে কৃষকসকলে ১১ ডিচেম্বৰত দিল্লীৰ সীমাত থকা প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি যাব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd