শিৱসাগৰৰ কোঁৱৰপুৰত লোমহৰ্ষক হত্যাকাণ্ড; শোৱাপাটীতে পুত্ৰক ঘপিয়াই হত্যা কৰিলে পিতৃয়ে

শিৱসাগৰৰ কোঁৱৰপুৰত শোৱাপাটীতে পুত্ৰক ঘপিয়াই হত্যা কৰিলে পিতৃয়ে। ফটোঃ নৰ্থইষ্ট নাও।

শিৱসাগৰৰ কোঁৱৰপুৰত পুঁৱতি নিশা সংঘটিত হৈছে  এক নৃশংস হত্যাকাণ্ড ৷

অৱৈধ সুৰাৰ বাবেই পিতৃৰ হাতত পুত্ৰই হেৰুৱালে প্ৰাণ ৷

কোঁৱৰপুৰৰ টেপৰতল গোঁহাই গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড ৷

পিতৃ ৰমেন বৰুৱাই শোৱাপাটীতে ঘপিয়াই হত্যা কৰিলে পুত্ৰ দিপু বৰুৱাক ৷

থিতাতে নিহত হয় পুত্ৰ দিপু বৰুৱা ৷

পুঁৱতি নিশা ৪ মান বজাত সংঘটিত হয় এই হত্যাকাণ্ড ৷

দিপুৱে সুৰা সেৱন কৰি দীৰ্ঘ সময় পৰিয়ালটোক অশান্তি কৰাৰ অভিযোগ ৷

যোৱা নিশাও অৱৈধ সুৰাৰ ঘাটীৰ পৰা সুৰা সেৱন কৰি ওলাই অহা দিপু বৰুৱাই সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতিৰ ৷

পৰিণতিত পুঁৱতি নিশা শুই থকা অৱস্থাত খুকুৰীৰে ডিঙিত ঘপিয়াই হত্যা কৰে পিতৃয়ে ৷

নিহত দিপু মহ পালক আছিল ৷

অত্যাচাৰী পুত্ৰক হত্যা কৰিও অনুতপ্ত নহয় পিতৃ ৰমেন বৰুৱা ৷

হত্যাকাণ্ডৰ কথা অকপটে স্বীকাৰ কৰে হত্যাকাৰী পিতৃয়ে৷