১০২ টা সন্তানৰ পিতৃৰ ১২ গৰাকী পত্নীক নিৰ্দেশ, ‘আৰু নহয়, এতিয়া গৰ্ভনিৰোধক টেবলেট খোৱা’

Father of 102 children from 12 wives উগাণ্ডাৰ বুগুচাৰ বাসিন্দা মুছা হাছায়াৰ অৱশেষত ৬৭ বছৰ বয়সত সংজ্ঞা ঘূৰি আহিছে। তেওঁ পত্নীসকলক কৈছে, আৰু নহয়, এইবাৰ সকলোৱে গৰ্ভনিৰোধক ঔষধ গ্ৰহণ কৰিব লাগিব। মন কৰিব লগীয়া যে মুছাৰ পত্নীৰ সংখ্যা ১২ টা, সন্তানৰ সংখ্যা ১০২টা, নাতি-নাতিনীৰ সংখ্যা বেছি নহয়, ৫৬৮টা। তেওঁৰ পৰিয়ালটো প্ৰায় এখন সৰু গাওঁৰ দৰে।

আৰম্ভণিতে মুছাই বিচাৰিছিল যে পৰিয়ালৰ সদস্যৰ সংখ্যা বৃদ্ধি হওক। কাৰণ তেওঁ প্ৰয়োজনতকৈ বহুত বেছি উপাৰ্জন কৰিছিল। কিন্তু বিষয়টো নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ লগে লগে সমস্যাটো আহিল। ইপিনে, পত্নীসকল এতিয়াও গৰ্ভধাৰণ কৰিবলৈ সক্ষম। সেয়েহে মুছাই কঠোৰ নিৰ্দেশনা দিছে।

মুছা হাছায়া পেছাত এজন ব্যৱসায়ী। তেওঁৰ বহুতো পৈতৃক সম্পত্তিও আছিল। ফলস্বৰূপে, তেওঁ উপাৰ্জন আৰু ব্যয়ৰ কথা ভাবিছিল। সেয়া আছিল ১৯৭১ চনৰ কথা। স্কুলৰ শিক্ষা সাং কৰি ১৬ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল। হানিফাৰ প্ৰথম সন্তানৰ জন্ম দুবছৰ পিছত হৈছিল। প্ৰথমবাৰৰ বাবে পিতৃ হ’ল মুছা। তাৰ পিছত এটা এটাকৈ ১২ খন বিবাহ।

নিজৰ ভৰপূৰ সংসাৰৰ সৈতে মুছা।

পিতৃ হোৱাৰ পৰ্যায়টো অব্যাহত থাকিল। এনেদৰেই ১০২ টা সন্তান। বাস্তৱিকতে পৰিপূৰ্ণ এখন পৃথিৱী। বহুতো ল’ৰা আৰু ছোৱালী ডাঙৰ-দীঘল হৈছে। ফলস্বৰূপে, মুছাৰ নাতি-নাতিনীৰ সংখ্যা হৈছে ৫৬৮টা। তেওঁলোকৰ সকলোৰে নামবোৰো মনত নাই বৃদ্ধ মুছাৰ!

বহুতো সম্পত্তিৰ গৰাকী মুছাও এখন গাওঁৰ মুৰব্বীও। তেওঁৰ বৃহৎ ঘৰ। তাত এক ডজন পত্নীৰ প্ৰতিগৰাকী বাবে পৃথক কোঠা আছে। কিন্তু অত্যাধিক একোৱে ভাল নহয়। ক্ষমতাশালী মুছা এতিয়া তেওঁৰ সন্তান আৰু নাতি-নাতিনীবোৰকলৈ চিন্তিত। আৰ্থিক সমস্যাত পৰিছে।

মুছাই চৰকাৰৰ সহায় বিচাৰিছে যাতে তেওঁৰ পৰিয়ালৰ সকলো নাবালক সদস্যই অধ্যয়নৰ সুযোগ পায়। তেওঁ কয়, “মই মোৰ ল’ৰা-ছোৱালীক আৰু ডাঙৰ-দীঘল কৰিব নোৱাৰো। মই সীমিত উপাৰ্জনেৰে পৰিয়ালটো চলাব নোৱাৰো। যদিও মোৰ ১২গৰাকী পত্নীৰ এতিয়াও সন্তান হ’ব পাৰে। সেয়েহে মই তেওঁলোকক পৰামৰ্শ দিছো, এই সময়ৰ পৰা সকলোৱে গৰ্ভনিৰোধক টেবলেট ব্যৱহাৰ কৰা উচিত।”

মুছাই তেনেকৈ কৈছে যদিও তেওঁৰ প্ৰথম পত্নী হানিফাই আনধৰণেহে কয়। তেওঁৰ মতে, তেওঁৰ স্বামীৰ আন ১১গৰাকী পত্নী থাকিলেও তাকলৈ কোনো অশান্তি হোৱা নাই। সতিনীয়েকসকলে একেলগে সংসাৰ কৰি আছে। স্বামীয়ে আৰ্থিকভাৱে চিন্তা কৰিলেও হানিফাই কয়, চলি গৈছেতো!