ৰেগিঙৰ বিৰোধিতা কৰাৰ বাবে গুৱাহাটীৰ বিদ্যালয়ৰ জ্যেষ্ঠ ছাত্ৰৰ দলে প্ৰহাৰ কৰিলে ছাত্ৰৰ পিতৃক!

ফটো সৌজন্য : টুইটাৰ।

গুৱাহাটী মহানগৰীৰ গীতানগৰৰ গুৰুকুল গ্ৰামাৰ স্কুলত জ্যেষ্ঠ ছাত্ৰৰ এটা দলে ৰেগিঙৰ বলি হোৱাৰ অভিযোগ উঠা এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰৰ পিতৃক নিৰ্দয়ভাৱে ‘প্ৰহাৰ’ কৰাৰ ঘটনাই আকৌ এবাৰ ৰেগিঙৰ কুৎসিত ৰূপটো পোহৰলৈ আনিছে।

নিয়ম নমনা জ্যেষ্ঠসকলৰ হাতত পুত্ৰৰ অত্যাচাৰ দেখি আপত্তি কৰাৰ লগে লগে এই দুৰ্ভাগ্যজনক কাণ্ডৰ সূচনা হয়।

সূত্ৰ অনুসৰি, ভুক্তভোগীৰ পুত্ৰ একাদশ শ্ৰেণীৰ ছাত্ৰগৰাকী জ্যেষ্ঠ সহপাঠীসকলৰ তীব্ৰ ৰেগিঙৰ সন্মুখীন হৈছিল। এই নিষ্ঠুৰ প্ৰথাৰ বিৰুদ্ধে যেতিয়া সংশ্লিষ্ট পিতৃগৰাকীয়ে মাত মাতিলে, তেতিয়াই তেওঁ দলটোৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিল।

আটাইকেইজন ছিনিয়ৰ শিক্ষাৰ্থীয়ে লোকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এতিয়ালৈকে গুৰুকুল গ্ৰামাৰ স্কুল কৰ্তৃপক্ষই ৰেগিঙৰ ঘটনা সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।

বিদ্যালয়খনত ৰেগিং কাণ্ডত আপত্তি কৰা আন অভিভাৱকসকলে ইয়াৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ইপিনে, ছাত্ৰজনৰ পিতৃয়ে কয় যে তেওঁক ইচ্ছাকৃতভাৱে ছাত্ৰৰ দলটোৱে প্ৰহাৰ কৰা নাছিল। পুত্ৰক বচাবলৈ চেষ্টা কৰাৰ সময়তহে তেওঁক আক্ৰমণ কৰা হৈছিল আৰু কয় যে এতিয়া বিষয়টো ‘মীমাংসা’ কৰা হৈছে।

তেওঁ লগতে কয় যে কম বয়সত মানুহে ভুল কৰে বুলি তেওঁ বুজি পায় আৰু শিক্ষাৰ্থীসকলে গ্ৰহণ কৰা ‘ব্যৱস্থা’ত তেওঁ সুখী।