আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

FBI seized top-secret documents from Trump’s home ফেডাৰেলব্যুৰো অফ ইনভেষ্টিগেশ্যনে (এফবিআই) আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ফ্ল’ৰিডাৰ ঘৰত অভিযান চলাই ১১ টা অতি গোপনীয় নথিপত্ৰৰ ছেট জব্দ কৰিছে।

নথিপত্ৰ জব্দ কৰা সন্দৰ্ভত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁ কোনো অপৰাধ কৰা নাই। নথিপত্ৰত গোপন  একো নাই। তেওঁক বিচাৰিলেই সেইবোৰ দি দিলেহেঁতেন।

লগতে পঢ়ক: নিউয়ৰ্কত চুৰিকাঘাত প্ৰখ্যাত লেখক চলমান ৰুশ্বডিক

পাম বীচত থকা ট্ৰাম্পৰ মাৰ-এ-লাগো ৰিজৰ্টত তালাচীৰ সময়ত শুকুৰবাৰে  নথিপত্ৰসমূহ জব্দ কৰা হয়। নথিপত্ৰৰ এখন তালিকাও প্ৰস্তুত কৰা হৈছে।

শুকুৰবাৰে আবেলি এগৰাকী ন্যায়াধীশে সাত পৃষ্ঠাৰ এখন দস্তাবেজ মুকলি কৰে। তাৰ পিছতে নথিপত্ৰসমূহৰ তালিকা প্ৰকাশ কৰা হয়।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে (৪ আগষ্ট) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগে ন্যায়াধীশক অনুসন্ধানৰ পৰোৱানাৰ বিষয়বস্তু প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছিল। সেই পৰোৱানাৰ (ৱাৰেণ্টৰ) ওপৰত ভিত্তি কৰি এফবিআইয়ে সোমবাৰে (৮ আগষ্ট) মাৰ-এ-লাগোত এক তালাচী চলাইছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ঘৰত এফবিআইৰ এন অভিযান অভূতপূৰ্ব ঘটনা।

লগতে পঢ়ক: ভাৰত-চীন উত্তেজনাৰ মাজতে ভাৰতত অৱতৰণ ফ্ৰান্সৰ তিনি খনকৈ যুদ্ধ বিমানৰ, কিয় আহিল যুদ্ধ বিমান?

ইপিনে, ৰিপাব্লিকান পাৰ্টিৰ নেতা ডোনাল্ড ট্ৰাম্পে তালাচী অভিযানক ৰাজনৈতিক প্ৰতিহিংসা বুলি বিবেচনা কৰিছে।

ট্ৰাম্পে তেওঁৰ নিজস্ব ছ’চিয়েল মিডিয়া প্লেটফৰ্ম TRUTH ত দিয়া এক বিবৃতিত কয় যে উদ্ধাৰ কৰা সামগ্ৰীবোৰ “সকলো ডিক্লাছিফাইড” (গোপনীয় নহয়) আৰু সেইবোৰ সুৰক্ষিতভাৱে সংৰক্ষণ কৰা হৈছিল।