এন আৰ চি প্ৰকাশৰ প্ৰাক্ মুহূৰ্তত শংকাই খেদি ফুৰিছে ‘বাদ পৰা’ লোকসকলক

NRC-1024x512

নূৰ মহম্মদ (বাঁওফালে) আৰু চাহেব আলী। ফটো : নৰ্থইষ্ট নাও

চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) প্ৰকাশৰ বাবে মাত্ৰ এদিন থকা অৱস্থাত গাওঁখনৰ আন বহুলোকৰ দৰে নূৰ মহম্মদেো চিন্তিত হৈ পৰিছে।

গোৱালপাৰা জিলাৰ কাৰাগাৰৰ ভিতৰত থকা এটা ডিটেনশ্যন কেম্পত ৯ বছৰ ৭মাহ কাল কটাই নূৰ মহম্মদে মুকলি হৈ ওলাইছেহে মাত্ৰ।

উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ পাছত যোৱা ৯ আগষ্টত মুকলি হোৱা ৬৫ বছৰীয়া নূৰে নিজকে এগৰাকী অবৈধ বিদেশী হিচাপে নহয় বুলি নিশ্চিত কৰিবলৈ এখন নতুন যুঁজ আৰম্ভ কৰাৰ শক্তি আৰু তেওঁৰ প্ৰায় শেষ হৈ গৈছে।

‘’তেওঁলোকে মোৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিবনে নাই মই কেনেকৈ জানিম? এতিয়া এই কথাৰ কোনো মূল্য নাই। মই কোনো অপৰাধ কৰা নাই… মই ইয়াত জন্মগ্ৰহণ কৰিছো আৰু মোৰ গোটেই জীৱন ইয়াত কটাইছো, তথাপি মই সুদীৰ্ঘ ৯ বছৰ ৭মাহ কাল ডিটেনশ্যন কেম্পত কটাবলগীয়া হৈছিল,’’-নূৰ মহম্মদে কয়।

গোৱালপাৰা জিলাৰ খুটামাৰী গাঁৱৰ এগৰাকী বাসিন্দা নূৰ মহম্মদক যোৱা ২০১০ চনৰ ১৪ জানুৱাৰিত গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল।

যোৱা ৯ আগষ্টত নূৰ আৰু আন ৮জনক সৰ্বোচ্চ ন্যায়ালয়ে তিনিবছৰৰ অধিক কাল ডিটেনশ্যন কেম্পত থকাসকলক মুকলি কৰি দিবলৈ দিয়া এক শেহতীয়া নিৰ্দেশৰ পাছত মুকলি কৰি দিছিল।

কিন্তু খুটামাৰী গাঁৱত ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া এন আৰ চিকলৈ অকল নূৰ মহম্মদেই শংকিত নহয়।

স্থানীয় লোকসকলে কয় যে গাঁৱখনত ১০০ জনতকৈয়ো অধিক লোক আছে যিসকলৰ নাম যোৱা বছৰ প্ৰকাশ পোৱা এন আৰ চিৰ দুয়োখন খচৰাত নাম অহা নাই আৰু এক অনিশ্চিত ভৱিষ্যতলৈ অপেক্ষা কৰি আছে।

২০১৬ চনত গোৱালপাৰা বিদেশী ন্যায়াধীকৰণৰ পৰা এক নিৰ্দেশ লাভ কৰা চাহেব আলীয়ে কয় যে তেওঁ এগৰাকী অবৈধ বিদেশী নহয়, কিন্তু তথাপিতো  তেওঁৰ নাম খচৰা এন আৰ চিত নাহিল।

‘’মই এন আৰ চি কৰ্তৃপক্ষক ২০১৬চনৰ বিদেশী ন্যায়াধীকৰণ নিৰ্দেশ সহ সকলো নথিপত্ৰ দাখিল কৰিছো। তথাপি মোৰ নাম এন আৰ চিৰ খচৰাত নাহিল। মই নিশ্চিত নহয় মই কি কৰা উচিত?’’-৫৫ বছৰীয়া আলীয়ে কয়।

এন আৰ চি কৰ্তৃপক্ষই প্ৰকাশ কৰা চূড়ান্ত এন আৰ চিৰ খচৰাত নাগৰিকত্ব প্ৰমাণৰ বাবে দাখিল কৰা নথি পত্ৰৰ কিছু বিসংগতিৰ বাবে প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰিছিল।

ইয়াৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰায় ৩৬ লাখ লোকে নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছে।

এন আৰ চি কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰে স্পষ্ট কৰি দিছে যে কোনোবাৰ নাম বাদ পৰাৰ লগে লগেই তেওঁ বিদেশী হৈ নপৰে আৰু বিদেশী ন্যায়াধীকৰণেহে তেওঁলোকৰ দাবী নিষ্পত্তি কৰিব পাৰিব। তেওঁলোকে  ১২০ দিনৰ ভিতৰত তেওঁলোকৰ দাবী দাখিল কৰিব লাগিব।

যিয়েই নহওক, নূৰ মহম্মদ, চাহেব আলী তেওঁলোকৰ দৰে বহুতেই তেওঁলোকৰ দাবী প্ৰমাণ কৰাত যদি জটিলতাৰ সন্মুখীন হয়, তেতিয়াহ’লে এটা কথা নিশ্চিত যে তেওঁলোকে তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ বাবে আন এক দীঘলীয়া যুঁজত অৱতীৰ্ণ হ’বলৈ সাজু থাকিব লাগিব।