উত্তৰ-পূবৰ বজাৰত উপলব্ধ সুস্বাদু আমৰ জৰিয়তে নিপাহ ভাইৰাছ সংক্ৰমণৰ ভয়

Nipah-Virus-Alert

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

দক্ষিণ ভাৰতীয় ৰাজ্য কেৰালা আৰু তামিলনাডুৰ পৰা অহা বাঙানাপালী, মালগোভা, তোতাপুৰী আৰু ছিনন্ধোৰা আদি বিভিন্ন প্ৰজাতিৰ সুস্বাদু আমেৰে অসম তথা উত্তৰ-পূবৰ বজাৰ ভৰি পৰাৰ সমান্তৰালভাবে ইয়াৰ লগতে আহিব পৰা নিপাহ ভাইৰাছৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

কেৰেলাৰ য়াৰনাকুলামৰ এজন ২৩ বছৰীয়া যুৱকৰ দেহত নিপাহ ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত দেশত নিপাহ ভাইৰাছক লৈ সজাগতা অৱলম্বন কৰা দেখা গৈছে। নেশ্যনেল ইষ্টিটিউট অব ভাইৰ’লোজিয়ে যুৱকজনৰ তেজৰ নমুনা পৰীক্ষা কৰি নিপাহ ভাইৰাছৰ উপস্থিতি ধৰা পেলাই। বিগত বৰ্ষত নিপাহ ভাইৰাছৰ ফলত সমগ্ৰ দেশত প্ৰায় ১৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

অসম তথা উত্তৰ-পূবৰ জনসাধাৰণে নিপাহ ভাইৰাছৰ দৰে মহামাৰী সম্বন্ধে সজাগ হোৱা দেখা গৈছে যদিও ই পৰ্যাপ্ত পৰিমাণে হোৱা নাই। দক্ষিণ ভাৰতত সম্প্ৰতি বাদুলীয়ে খোৱাৰ ফলত সুস্বাদু আমবোৰত নিপাহ ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাইছে।

গুৱাহাটীৰ ৰূক্মিণী গাঁওৰ ৰাম কুমাৰ যাদৱ নামৰ এগৰাকী ফল ব্যৱসায়ীয়ে কয় যে মানুহে এতিয়া পশ্চিম বংগ আৰু বিহাৰৰ পৰা অহা আমহে বিচাৰিব আৰম্ভ কৰিছে। তেওঁ জনসাধাৰণে কিয় দক্ষিণ ভাৰতৰ পৰা অহা আম কমকৈ বিচাৰিব আৰম্ভ কৰিছে বুজি পোৱা নাই বুলি উল্লেখ কৰে।

যাদৱে কয় যে এতিয়াও বজাৰত বিহাৰ আৰু বেংগলৰ পৰা অহা আম উভৈনদী হোৱা নাই যদিহে মানুহে দক্ষিণ ভাৰতৰ পৰা অহা আম এতিয়া ক্ৰয় কৰিবলৈ এৰি দিয়ে তেনেহলে ব্যৱসায়ীসকলে বহু পৰিমাণে লোকচানৰ সন্মুখিন হ’বলগীয়া হ’ব।

নাগালেণ্ডৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে নিপাহ ভাইৰাছ সম্বন্ধে কঠোৰ দৃষ্টি ৰখাৰ বাবে বিভাগসমূহক আদেশ দিছে। বিভাগে জনসাধাৰণক ভয় নাখাবলৈ অনুৰোধ কৰি এই ক্ষেত্ৰত সজাগতা অৱলম্বন কৰিবলৈ আহ্বান জনাই।

তদুপৰি, ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগেও ভাৰত আৰু বাংলাদেশ সীমান্তত পাঁচজন লোক নিপাহ ভাইৰাছৰ সংক্ৰমণৰ সন্দেহত মৃত্যু হোৱাৰ পাছত ৰাজ্যখনত নিপাহ ভাইৰাছক লৈ সতৰ্কতা অৱলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰিছে।