ধৰ্ষণৰ ঘটনাত সন্মানহানি হ’ব পৰিয়ালৰ; পৰিকল্পনা কৰি মাতৃয়ে হত্যা কৰালে নিজৰ কন্যাক!

প্ৰতিনিধিত্বমূলক ফটো।

এগৰাকী ২০ বছৰীয়া যুৱক ৰিংকুৰ বিৰুদ্ধে  ধৰ্ষণৰ অভিযোগ উঠিছিল। কিন্তু ধৰ্ষণৰ বাবে পৰিয়ালটোৰ সন্মানহানি হ’ব, সেই ভাৱি আৰু ভয়ংকৰ পৰিকল্পনা কৰিলে কিশোৰীৰ মাতৃয়ে। ১৭ বছৰীয়া কিশোৰীগৰাকীক মাতৃয়ে পৰিকল্পনা কৰি হত্যা কৰে।

যোৱা সপ্তাহত কিশোৰীগৰাকীক হত্যা কৰা হৈছিল। প্ৰথম অৱস্থাত পৰিয়ালটোৰ অভিযোগ আছিল যে ধৰ্ষণৰ অভিযোগত অভিযুক্ত ৰিংকুৱে হত্যাকাণ্ড সংঘটিত কৰিছে। দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকী আৰু তেওঁৰ দুই পুত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়কঃ ভয়ংকৰ ঘটনা! দৰঙৰ বিদ্যালয়ত চাৰি দশম শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত নিহত এক নৱম শ্ৰেণীৰ ছাত্ৰ

ঠিক কি ঘটিছিল? জানিব পৰা মতে, ফেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশৰ গাজিয়াবাদ থানাত ৰিংকুৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰা হৈছিল। শেহতীয়াকৈ জেলৰ পৰা মুকলি কৰি দিয়া হৈছে ৰিংকুক। আনহাতে, ১৮ ছেপ্টেম্বৰত ভাতৃ আৰু মাতৃৰ সৈতে মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত কিশোৰীগৰাকীক গুলীয়াই হত্যা কৰা হৈছিল।

প্ৰথম অৱস্থাত কিশোৰীগৰাকীৰ পৰিয়ালে অভিযোগ কৰিছিল যে ৰিংকুৱে জেলৰ পৰা ওলাই আহি সংগীসকলৰ সহযোগত হত্যাকাণ্ডটো সংঘটিত কৰিছে। আৰক্ষীয়ে ৰিংকু আৰু তেওঁৰ সংগীসকলকো গ্ৰেপ্তাৰ কৰে। কিন্তু তদন্তই সম্পূৰ্ণ বেলেগ ৰূপ ল’লে। ধৰ্ষণৰ বাবে পৰিয়ালটোৰ সন্মানহানি হ’ব, যাৰ বাবে যুৱতীগৰাকীৰ মাতৃ আৰু দুই ভাতৃয়ে তাইক হত্যা কৰাৰ পৰিকল্পনা কৰে।

লগতে পঢ়কঃ ইজৰাইলৰ ৰকেট আক্ৰমণত বিধ্বস্ত লেবানন, মৃত্যু ৪৯২; হিজবুল্লাৰো প্ৰত্যুত্তৰ, আন এক ‘গাজা’ৰ সৃষ্টি!

আনহাতে, তাইৰ এজন ভাতৃ আৰু মাকৰ সৈতে কিশোৰীগৰাকী গৈ থকাৰ সময়তে কিশোৰীগৰাকীৰ আনজন ভাতৃ বিনীতে মোমায়েকৰ লগত পৰিকল্পনা কৰি গুলী চলায়। এই ঘটনাত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।