অনুষ্ঠানৰ ছেটটেই ধৰ্ষণৰ বলি বিবিচিৰ মহিলা কৰ্মী! অভিযোগক লৈ চাঞ্চল্য

53746157-0-image-a-6_1643919620752

ফটো: দ্য ডেইলী মেইলৰ সৌজন্যত।

ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিৰ এগৰাকী মহিলা কৰ্মী অনুষ্ঠানৰ ছেটটেই ধৰ্ষণৰ বলি হোৱাৰ অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ষ্টেছি ডুলিৰ ৰন্ধন প্ৰকৰণৰ অনুষ্ঠান ‘হাংৰি ফৰ ইট’ৰ ছেটত মহিলা কৰ্মীগৰাকী ধৰ্ষণৰ বলি হোৱা বুলি কোৱা হৈছে।

২০২১ চনৰ ১০ ছেপ্টেম্বৰত লণ্ডনত এই ঘটনা ঘটিছিল। লণ্ডন চিটি পুলিচে জানিবলৈ দিয়া মতে এটা আন এক বাহিনীৰ জৰিয়তে তেওঁলোকে ঘটনাটো অৱগত হৈছিল।

আৰক্ষীয়ে বৰ্তমান গোচৰটোৰ তথ্য প্ৰমানসমূহ বিশ্লেষণ কৰি আছে।

লগতে পঢ়ক: জনপ্রিয়তা হেৰুৱাইছে! ১৭বছৰত প্ৰথমবাৰ হ্ৰাস পালে Facebook ব্যৱহাৰকাৰীৰ সংখ্যা; কিমান পালে হ্রাস?

ঘটনা অনুসৰি মহিলাগৰাকীয়ে থকা ঘৰটোত অভিযুক্ত ব্যক্তিগৰাকীয়ে জোৰেৰে দুৱাৰত ঢকিয়াই ভিতৰলৈ সোমাই আহি তেওঁক ধৰ্ষণ কৰে।

দ্য চান আৰু দ্য ডেইলী মেইলৰ বাতৰি অনুসৰি বিবিচি থ্ৰী টেলিভিশ্বনৰ শ্ব’টোৰ বাবে শ্বুটিং চলি থকাৰ মাজতে এই ঘটনা সংঘটিত হৈছিল।