NORTHEAST NOW (Assamese)

মহিলা কম্পাৰ্টমেণ্টত সোমোৱাত দিছিল বাধা: ৰে’লৱে আৰক্ষীৰ মহিলা কনিষ্টবলক ছুৰিকাঘাত সুৰাপায়ীৰ

August 25, 2022 3:43 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰে’লৰ মহিলা কম্পাৰ্টমেণ্টত সোমাৱাত বাধা প্ৰদান কৰাৰ বাবেই ৰে’লৱে সুৰক্ষা বাহিনীৰ এগৰাকী মহিলা কনিষ্টবলক ছুৰিৰে নৃশংসভাৱে আক্ৰমণ কৰিছে এগৰাকী সুৰাপায়ী ব্যক্তিয়ে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চেন্নাইত।

আশিৱা নামৰ ২৭ বৰ্ষীয় ৰে’লৱে সুৰক্ষা বাহিনীৰ কনিষ্টবল গৰাকী মঙলবাৰে চেন্নাই বীচ ষ্টেচনৰ চেঙ্গালপট্টু অভিমুখে যোৱা এখন ৰে’লৰ মহিলা কম্পাৰ্টমেণ্টত কৰ্তব্যত নিয়োজিত আছিল।

ট্ৰেইনখন চলিবলৈ আৰম্ভ কৰাৰ সময়তে এজন সুৰাসক্ত ব্যক্তি কম্পাৰ্টমেণ্টটোত প্ৰৱেশ কৰে। লগে লগে কৰ্তব্যৰত আশিৱাই ব্যক্তিগৰাকীক মহিলাৰ কম্পাৰ্টমেণ্ট এৰি যাবলৈ কয়।

কিন্তু সম্পূৰ্ণ নিচাসক্ত অৱস্থাত থকা ব্যক্তি গৰাকীয়ে আশিৱাৰ কথাত মান্তি হোৱাৰ পৰিৱৰ্তে খঙত একো নাই হৈ এখন চুৰি উলিয়ায় আৰু আশিৱৰ ডিঙিত আঘাত কৰে।

এই আকস্মিক আক্ৰমণত আশিৱা প্লেটফৰ্মত বাগৰি পৰে। অৱশ্যে তেওঁক লগে লগে এগম’ৰ এখন চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান কনিষ্টবল গৰাকী সংকটজনক অৱস্থাত চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে।

ইফালে ঘটনা সংঘটিত কৰি আক্ৰমণকাৰী ব্যক্তিগৰাকী ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰপিএফে তদন্ত আৰম্ভ কৰিছে আৰু চিচিটিভি ফুটেজৰ আধাৰত আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ দুটা বিশেষ দল গঠন কৰিছে বুলি জানিব পৰা গৈছে।

Related News