আৰু এটা বছৰ পাৰ হৈ গ’ল। ২০২৩ বৰ্ষটো ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰিঘটনাৰে ভৰি আছিল। নতুন সংসদ ভৱনৰ পৰা আৰম্ভ কৰি মহিলা সংৰক্ষণ বিধেয়কলৈকে, মহুৱা মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰকে ধৰি এনে বহু ঘটনাই সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। ২০২৩ চনৰ কিছুমান গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ ওপৰত চকু ফুৰাওঁ আহক।
প্ৰথমতে নতুন সংসদ ভৱনৰ কথা উল্লেখ কৰাটো প্ৰয়োজন। এইবাৰ পুৰণি সংসদ ভৱনত আৰম্ভ হৈছিল সংসদৰ বৰ্ষাকালীন অধিৱেশন। নতুন সংসদ ভৱনত শেষ হয়। ২৮ মে’ত উদ্বোধন কৰা হয় নতুন সংসদ ভৱন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে, নতুন সংসদ ভৱনটোৱে ‘আত্মনিৰ্ভৰশীল ভাৰতৰ সূৰ্য্য উদয়ৰ সাক্ষী’। মাত্ৰ ডেৰ-দুবছৰত নিৰ্মিত এই নতুন সংসদ ভৱনটো ১৪ কোটি দেশবাসীৰ আকাংক্ষাৰ প্ৰতীক বুলি উল্লেখ কৰে নমোৱে।
দেশৰ গণতন্ত্ৰৰ এক যুগান্তকাৰী পদক্ষেপ হৈছে নাৰী সুৰক্ষা আইন। এই আইনখনে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ মহিলা প্ৰতিনিধিৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণ নিশ্চিত কৰিছে। এয়া মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ অন্যতম ডাঙৰ সিদ্ধান্ত। লোকসভা আৰু ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছত ২৯ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সেউজ সংকেত লাভ কৰি আইনত পৰিণত হয়।
লগতে পঢ়কঃ নিদাৰুণ! চলন্ত অৱস্থাতে টোপনি গ’ল ট্ৰাক চালকঃ দুৰ্ঘটনাত মৃত্যু পাঁচ জনৰ, ১৯জন আহত
২০২৩ চনত দেশৰ মুঠ ৯ খন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। নতুন বছৰত লোকসভাৰ নিৰ্বাচন। তাৰ আগতে এই ৯খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন যথেষ্ট তাৎপৰ্যপূৰ্ণ আছিল। এই তালিকাত থকা পাঁচখন ৰাজ্য আছিল ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, মিজোৰাম, তেলেংগানা। ইয়াৰ উপৰিও ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ড আৰু কৰ্ণাটক। ৯খন ৰাজ্যৰ ভিতৰত চাৰিখন ৰাজ্যত বিজেপিয়ে ব্যাপকভাৱে জয়লাভ কৰিছে। কংগ্ৰেছে দুখন ৰাজ্যত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। বাকী তিনিখন ৰাজ্যত আঞ্চলিক দলসমূহে জয়লাভ কৰে।
জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰিবলৈ মোডী চৰকাৰে লোৱা সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে। উপত্যকাৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বৈধ বুলি উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিলে যে ৩৭০ অনুচ্ছেদ এক অস্থায়ী ব্যৱস্থা।
মোডী উপাধিক লৈ বিতৰ্কৰ মাজতে মাৰ্চ মাহত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সাংসদ পদ হেৰুৱাইছিল। তাক লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। চুৰাটৰ আদালতে ৰাহুলক দোষী সাব্যস্ত কৰে। ২ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই ৰাহুলে প্ৰথমে উচ্চ ন্যায়ালয়লৈ গৈছিল আৰু তাৰ পিছত উচ্চতম ন্যায়ালয়লৈ গৈছিল। অৱশেষত উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পালে ৰাহুলে। উচ্চতম ন্যায়ালয়ে চুৰাট আদালতৰ নিৰ্দেশ স্থগিত ৰাখিলে। তাৰ পিছত আগষ্ট মাহত ৰাহুলে পুনৰ সাংসদ পদ লাভ কৰে।
বিৰোধী শিবিৰত ২০২৩ চনৰ আটাইতকৈ চকু কপালত তুলিব পৰা ঘটনা আছিল সকলো বিৰোধী দল একজোট হোৱাটো। ইণ্ডিয়া জোঁট গঠন হয়। কংগ্ৰেছ, তৃণমূল, চি পি এম, আম আদমী পাৰ্টিকে ধৰি সকলো বিৰোধী ৰাজনৈতিক দল ইয়াত আছে। ইতিমধ্যে তেওঁলোকৰ কেইবাখনো বৈঠক হৈছে। ২৪ৰ লোকসভা নিৰ্বাচনৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে।
বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰতা সৃষ্টিৰ পিছত জি-২০ বৈঠকৰ আমন্ত্ৰণ পত্ৰত লিখা হৈছিল ‘প্ৰেছিডেন্ট অফ ইণ্ডিয়া’। বিৰোধীয়ে ইয়াক লৈ তীব্ৰ প্ৰতিবাদ কৰিছিল। ভাৰত বা ইণ্ডিয়া, দুয়োটা আমাৰ দেশৰ নাম। কিন্তু বিৰোধীয়ে বিষয়টো উত্থাপন কৰা বন্ধ কৰা নাই।
সংসদত স্মোক বোম আক্ৰমণৰ পিছতে গৃহমন্ত্ৰীৰ বিবৃতিৰ দাবীত বিৰোধীয়ে কেইবাদিনো অধিৱেশনত অচল কৰি ৰাখে। অব্যাহত থকা হুলস্থুলৰ বাবে সংসদৰ দুয়োটা সদনৰ পৰা একাধিক পৰ্যায়ত মুঠ ১৪৬ গৰাকী সাংসদক নিলম্বন কৰা হৈছে। এনে বৃহৎ নিলম্বন সংসদৰ ইতিহাসত অভূতপূৰ্ব।
লগতে পঢ়কঃ সমগ্ৰ ইউক্ৰেইনজুৰি ১৫৮টা মিছাইল আৰু ড্ৰ’নেৰে আক্ৰমণ ৰাছিয়াৰ; নিহতৰ সংখ্যা ৩০জনলৈ বৃদ্ধি
ধনৰ বিনিময়ত প্ৰশ্ন বিতৰ্কৰ বাবে লোকসভাৰ পৰা বহিষ্কাৰ কৰা হয় তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰক। সংসদত প্ৰশ্ন উত্থাপন কৰিবলৈ তেওঁ আৰ্থিক সুবিধা লোৱাৰ অভিযোগ উঠিছিল। সংসদীয় এথিক্স কমিটিৰ প্ৰতিবেদনত তেওঁক বহিষ্কাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছিল। মহুৱাক সংসদৰ পৰা বহিষ্কাৰ কৰাক লৈ বিৰোধীয়ে তীব্ৰ সমালোচনা কৰে। মহুৱাই কংগ্ৰেছৰ সমৰ্থনো পায়।