NORTHEAST NOW (Assamese)

পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ; মনোনয়ন উঠাই ল’লে অগপৰ বাবুল জহৰীয়ে

January 7, 2019 10:34 pm · পংকজকুমাৰ দেব
বাবুল জহৰী ফটো : নৰ্থ-ইষ্ট নাও

আজি প্ৰকাশ পালে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ চূড়ান্ত প্ৰাৰ্থী তালিকা। ১৪০গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১১ গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন উঠাই লয়। ইয়াৰ ভিতৰত দহ গৰাকী নিৰ্দলীয় আৰু আন এগৰাকী অগপ দলৰ প্ৰাৰ্থী বাবলু জহৰী।

অগপ প্ৰাৰ্থী বাবলু  জহৰীয়ে দেহাংগী আসনত চি ই এম দেবোলাল গাৰ্লচাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে সাজু হৈছিল যদিও আজি অগপ নেতা বাবলু জহৰীয়ে ৰহস্যজনকভাৱে নিজৰ মনোনয়ন উঠাই লয়। অৱশ্যে জহৰীয়ে কিয় মনোনয়ন প্ৰত্যাহাৰ কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে পাৰ্বত্য পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে উত্তপ্ত হৈ পৰিছে সামগ্ৰীক ৰাজনীতি। কোন ৰাজনৈতিক দলে শেষ হাঁহি মাৰিব সেই ছবি এতিয়াও পৰিষ্কাৰ হোৱা নাই। কাৰণ বিজেপি দলৰ টিকট বিতৰণত হোৱা অনিয়মৰ কাৰনে জিলাৰ বিভিন্ন অঞ্চলত দলীয় বিসম্বাদে গা কৰি উঠিছে। যাৰ কাৰণে শাসকীয় দলৰ নেতাসকলৰ জয়ৰ আশা ক্ষীণ হৈ পৰিছে।

আনহাতে এইবাৰৰ পৰিষদ নিৰ্বাচনত অভাৱনীয়ভাৱে নিৰ্দলীয় প্ৰাৰ্থীৰ উত্থান হোৱা পৰিলক্ষিত হৈছে। তদুপৰি বিজেপিৰ বিসম্বাদৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি বিৰোধী শক্তিয়ে নিৰ্বাচনত জয়ী হোৱাৰ বাবে সৰ্বোচ্চ উজাৰি দিয়া দেখা গৈছে।

উল্লেখ্য মনোনয়ন উঠাই লোৱা নিৰ্দলীয় প্ৰাৰ্থীসকল হৈছে ক্ৰমে কুৰ ৰংপি (গৰমপাণি), ৰথীন্দ্ৰ থাউচেন (লাঙটিং), চুঙছান হাউলাই (জাতিঙ্গা), অবাষ্টিঙ পাচ’ৱান (জাতিঙ্গা), লালাঙ্গাম বাপুই (জাতিঙ্গা), হাইলামকুম্বে কুয়ামে (দিহামলাই), যতন নাইডিঙ (মাইবাঙ পূৰ্ব), দিনেশ ফং’ল (লাঙটিং), হেউদেউবুয়েঙ নৃয়ামে (হাঙ্গ্ৰুম) আৰু লালৰূপই মাৰ (মাহুৰ)।

Related News