শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড : আজি আদালতত চূড়ান্ত শুনানি

Shweta Agarwala murder: Court convicts 'friend' Govind along with his mother and sister

শ্বেতা আৰু গোবিন্দ। ফাইল ছবি।

মহানগৰীৰ এগৰাকী মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আজি মুখ্য দণ্ডাধীশৰ আদালতত চূড়ান্ত শুনানি অনুষ্ঠিত হ’ব।

২০১৭ চনৰ ৪ ডিচেম্বৰত শ্বেতা আগৰৱালা নামৰ ছাত্ৰীগৰাকীক বন্ধু গোবিন্দ সিংঘালে তেওঁৰ ভৰলুমুখৰ বাসগৃহত হত্যা কৰিছিল। মুখ্য অভিযুক্ত গোবিন্দৰ ঘৰৰ বাথৰুমৰ ভিতৰত শ্বেতাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ অভিযোগনামাত আৰক্ষীয়ে মূল অভিযুক্ত গোবিন্দৰ লগতে তেওঁক হত্যাকাণ্ডত সহায় কৰা মাক আৰু বায়েকৰ নামো সন্নিৱিষ্ট কৰিছিল।

মহানগৰীৰ ভৰলুমুখ থানাৰ আৰক্ষীয়ে মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই অভিযোগনামা দাখিল কৰিছিল। অভিযোগ নামাত গোবিন্দ (২১), তেওঁৰ মাক কমলা দেৱী ( ৪৮) আৰু বায়েক ভৱানী সিংঘাল ( ২৩)ৰ নাম সন্নিৱিষ্ট হোৱাৰ কথা আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছিল।

উল্লেখযোগ্য যে পৰীক্ষাৰ পৰা বাহিৰে বাহিৰে বন্ধু গোবিন্দৰ ঘৰলৈ যোৱা শ্বেতা আগৰৱালাক পিছত মৃত অৱস্থাত গোবিন্দৰ ঘৰত উদ্ধাৰ কৰা হৈছিল। মেধাৱী ছাত্ৰী গৰাকীয়ে ২০১৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত গুৱাহাটী কৰ্মাচ কলেজৰ পৰা পৰীক্ষা দি অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিল।

আৰক্ষীৰ জেৰাৰ সময়ত গোবিন্দই শ্বেতাক হত্যা কৰা বুলি স্বীকাৰ কৰিছিল। আৰক্ষীয়ে লগতে এইটো নিশ্চিত হৈছিল যে ঘটনাটোত গোবিন্দৰ মাক আৰু বায়েকো জড়িত হৈ পৰিছিল।