ডিজিটেল মন্ত্ৰী! পেপাৰ নপঢ়ে হিমন্ত বিশ্ব শৰ্মাই, পঢ়ে পেপাৰ কাট

82045534_10157177939693983_1989125321873424384_n (1)

বৃহস্পতিবাৰে সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো: নৰ্থইষ্ট নাও

পূৰ্বে প্ৰায়কেইখন সংবাদমেলতে প্ৰতিদিন পেপাৰ নপঢ়ো বুলি মন্তব্য কৰি অহা হিমন্ত বিশ্ব শৰ্মাই আজি অসমীয়া প্ৰতিদিন কাকতৰ সৰ্বাধিক চাৰ্কোলেশ্যন থকা বাতৰি কাকত বুলি সংবাদমেলত উল্লেখ কৰাত এগৰাকী জ্যেষ্ঠ সাংবাদিকে তেওঁক সোঁৱৰাই দিছিল পূৰ্বতে সংবাদমেলত কোৱা কথাষাৰ আৰু কয় যে যদি আপুনি নপঢ়ে তেন্তে কেনেকৈ জানিলে এই কথা?

‘’মই মৃত দেউতাৰ শপত খাই কৈছো মই ২০১১ চনৰ পৰা অসমীয়া প্ৰতিদিন নপঢ়ো। আপুনি যদি বেয়া নাপায় এনেকুৱা ধৰণৰ ইচ্ছু লৈ নাহিলে ভাল পাম। মই বহুবাৰ প্ৰেছৰ আগত কৈছো মই পেপাৰ কাটিং কেইটামান পঢ়ো, পেপাৰ মই নপঢ়ো। দহ বছৰ আগতে মোৰ বিধায়ক আৱাসলৈ আহিছিল এতিয়াটো নাহে আপুনি। গতিকে কেনেকৈ গম পাব?’’ সাংবাদিকজনক উদ্দেশ্যি এইদৰে কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পূৰ্বেও বহুবাৰ সংবাদমাধ্যম অথবা সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰিক কিছু প্ৰশ্ন কৰোতে অসমীয়া প্ৰতিদিন কাকতৰ এজন জ্যেষ্ঠ সাংবাদিকৰ সৈতে তৰ্কত লিপ্ত হয়।

তলত তেওঁলোকৰ কথোপকথনৰ কিয়দাংশ পাঠকলৈ অ-সম্পাদিত ৰূপত আগবঢ়ালো।

‘১৯৭১ ৰ বিষয়টো কি হ’ব? সাংবাদিকজনৰ প্ৰশ্ন।

হিমন্ত: মোৰ ক’বলগীয়া বহুত আছে। মই উত্তৰদায়ী নহয়, আমি মানুহৰ আগত কৈ লৈছো যে আমি এনেকুৱা কৰিম, তাৰ পাছতো আমাক মানুহে ভোট দিছে।

সাংবাদিক : আপুনি আগৰ পৰাই ‘কা’ ৰ সমৰ্থন কৰি আছে…..

হিমন্ত : দত্ত চাহেব শুনক অসম চুক্তি কৰোতে কোনেও অসমবাসীক সুধি লোৱা নাছিল। কিন্তু কা কৰাৰ আগতে বিজেপিয়ে মানুহক সুধি লৈছিল।

সাংবাদিক : এখন চৰকাৰে এটা সিদ্ধান্ত দিয়াৰ পাছত আন এখন চৰকাৰে ভংগ কৰিব নোৱাৰে নহয়।

হিমন্ত : চাওঁক সাংবাদিক কেতিয়াও এক্টিভিষ্ট নহয়। সংবাদমেলত যেতিয়া ষ্টেণ্ড এটা লৈ লয় তেতিয়া ক’বলগীয়া কথা একোৱেই নথকা হৈ যাব। আপুনি মোক ১০ টা প্ৰশ্ন কৰক মই উত্তৰ দিম। কিন্তু আপোনাৰ লগত মই যুক্তি-তৰ্ক কিয় কৰিম? যুক্তি তৰ্ক মই বিধান সভাত কৰিম। আপোনাৰ লগত যদি যুক্তি তৰ্ক কৰি থাকো বেয়া দেখি নহয়, অতিথিক মাতি এনেকুৱা কৰিলে। বিতৰ্কৰ ঠাই বিধান সভা, আপোনাৰ মই প্ৰশ্নৰ উত্তৰ দিম। অসম চুক্তি কৰোতে ৭১ কৰোঁতে কোনে কাক সুধি লৈছিল? মোক আপোনাক সুধিছিল নেকি?

সাংবাদিক : আগৰ এখন চুক্তি থাকোতে চৰকাৰে কাক সুধিলে?

হিমন্ত : মই নাজানো, আপুনি প্ৰতিদিনৰ দৰে এখন ডাঙৰ কাকতৰ সাংবাদিক। আপুনি যদি কয় ৮৫৫ জন চহিদৰ মৃত্যুৰ পাছত এখন চুক্তি কৰিলে কাকো সুধি ল’ব নালাগে, মোৰটো উত্তৰ নাই।

সাংবাদিক: মই সেইটো কোৱা নাই। কেন্দ্ৰীয় চৰকাৰে এখন চুক্তি থকা বুলি নাজানিছিল নেকি? কিয় সংসদত সকলো দলে এই চুক্তিখন মানি ল’লে?

হিমন্ত: ‘আপুনি প্ৰিভিলাইজত পৰিব। এজন সাংসদৰ প্ৰশ্ন আপুনি কেনেকৈ কৰিব? ভাৰতীয় সংবিধানত লিখা আছে যে সংসদত আইন পাছ কৰে। সাংবাদিকেটো আইন পাছ নকৰে? আপোনাৰ যদি আৱেগ আছে আপুনি কেবৰ(কা) ৰ ওপৰত প্ৰশ্ন নকৰিব। আপুনি এটা পাৰ্টী হৈ গ’লে তেতিয়া প্ৰশ্ন কৰিব নোৱাৰে।

সাংবাদিক: ‘আমি ৰাইজৰ হৈয়ে কথা কৈছো।

হিমন্ত: ‘সাংবাদিকে ৰাইজৰ হৈ কথা নকয়। কাৰণ ৰাইজ বুলি কোৱাৰ লগে লগে নিৰ্বাচন এটা হ’ব লাগিব যে ৰাইজ কোন? সাংবাদিকে বস্তুনিষ্ঠ প্ৰশ্ন কৰে। মই বিনম্ৰতাৰে কৈছো আপুনি প্ৰশ্ন সুধোতে আপুনি বিষয়টো অধ্যয়ন কৰি অহা নাই। নহ’লে নীতি-নিয়মৰ কথাটো নোহোৱা কৰি নিদিয়ে। কালি আমেৰিকা যুক্তৰাষ্ট্ৰত যেতিয়া ট্ৰাম্পক প্ৰশ্ন কৰি থাকে তেতিয়া ১,২,৩ কৈ প্ৰশ্ন কৰে। কাৰণ তাৰ সাংবাদিকৰ আৱেগ নাথাকে। সাংবাদিকৰ নিজৰ আৱেগ থাকিলে তেতিয়া প্ৰশ্নৰ উত্তৰ কেনেকৈ দিম?

সাংবাদিক: ‘আপোনালোকে কিয় ইমান শুদ্ধ বুলি ভাবিছে?

আপুনি গোটেই সাংবাদিক মেলখন কিয় আপোনাৰ আৰু মোৰ বিতৰ্কৰ মাজলৈ টানি নিছে? আলোচনাবোৰ ব্যক্তিগত পৰ্য্যায়ত নিনিব।

সাংবাদিক : ব্যক্তিগত বুলি কিয় কয়?

হিমন্ত : আপুনি চাওঁক কিমান মানুহ মনে মনে আছে আপুনি মোৰ লগত কথা পাতি আছে। আৱেগিকভাৱে কথাবোৰ কিয় কৈ আছে।

সাংবাদিক : মই আৱেগিকভাৱে কোৱা নাই। মই কথাবোৰ লিখিম হে। আপুনি ভুল ধাৰণা লৈছে।

হিমন্ত : মই আপোনাক বিনম্ৰতাৰে কৈছো কাইলৈৰ পৰা মই সম্পাদককো কৈ দিম যদি মোৰ সংবাদমেলত তৰ্ক কৰিবলৈ আহে কাইণ্ডলি নাহিব। তৰ্ক কৰাৰ বাবে মই সংবাদমেল নাপাতো। মই আপোনাৰ সম্পাদকক লিখি দিম যদি আপুনি মোৰ ইয়াত প্ৰশ্ন সোধে মাজ ৰাতিলৈকে মই প্ৰশ্নৰ উত্তৰ দিম। মোৰ প্ৰেছ কনফাৰেঞ্চত এনেকুৱা নকৰিব, ভাল নালাগে। মোৰো ৫০ বছৰ হৈছে, আপোনাৰো বয়স হৈছে।

উল্লেখ কৰিব পাৰি যে, কোনো জন-প্ৰতিনিধি বা সংবাদমেল দিওঁতা কোনো লোকৰ কথাবোৰ স্পষ্ট নহ’লে সাংবাদিকে প্ৰশ্ন সোধাটো স্বাভাৱিক। জ্যেষ্ঠ সাংবাদিকজনে সেই ধৰ্ম পালন কৰিয়েই প্ৰশ্ন কৰিছিল যদিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰি বিষয়টোক অইনফালে লৈ যোৱা দেখা যায়।