ভাৰতত ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান দিনক দিনে বাঢ়ি গৈ আছে। আৰু এই পাৰ্থক্য এতিয়া ইমানেই স্পষ্ট যে এজন অর্থনৈতিক বিশ্লেষকে কৈছে যে দেশৰ পৰিস্থিতি বৃটিছৰ শাসনকালতকৈও ভয়াৱহ৷
লিংকডইনত এটা দীঘলীয়া পোষ্টত বিশ্লেষক হাৰ্দিক যোশীয়ে কয় যে, ‘ভাৰতত আয় আৰু সম্পদৰ বৈষম্য বৰ্তমান ইতিহাসৰ আটাইতকৈ ভয়াৱহ অৱস্থাত আছে।’
যোশীয়ে লিখিছে, ‘ভাৰতৰ শীৰ্ষ ১ শতাংশ মানুহৰ হাতত আছে দেশৰ মুঠ সম্পদৰ ৪০.১ শতাংশ। আনহাতে দেশৰ ৫০ শতাংশ মানুহৰ হাতত আছে মাত্ৰ ৬.৪ শতাংশ সম্পদ। আৰু শীৰ্ষ ১০ শতাংশ লোকে দেশৰ মুঠ আয়ৰ ৫৭.৭ শতাংশ উপাৰ্জন কৰে।’ এই তথ্য পোহৰলৈ অহাৰ লগে লগে চৌদিশে আলোড়নৰ সৃষ্টি হৈছে।
বিশ্লেষকগৰাকীৰ মতে সংখ্যাবোৰ কেৱল পৰিসংখ্যা নহয়। অৰ্থাৎ দেশৰ আধা সংখ্যক মানুহেই দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণৰ বাবে সংগ্ৰাম কৰি আছে, আনহাতে একাংশ অভিজাত শ্ৰেণী বিলাসী জীৱনত অভ্যস্ত।’
এই চৰম বৈষম্যৰ বাবে যোশীয়ে দেশৰ অৰ্থনৈতিক ব্যৱস্থাক জগৰীয়া কৰিছে। তেওঁৰ স্পষ্ট বক্তব্য এই ব্যৱস্থাই ধনীসকলৰ স্বাৰ্থ ৰক্ষা কৰে। কৰ গাঁথনিয়ে ধনীসকলক উপকৃত কৰে। শ্ৰমিকৰ কোনো সুৰক্ষা নাই, কৰ্পৰেটৰ একচেটিয়া ব্যৱসায়ত ক্ষুদ্ৰ ব্যৱসায়ীসকল চেপা খাই পৰিছে, আৰু ৰিয়েল ইষ্টেট আৰু শ্বেয়াৰ বজাৰৰ পৰা পোৱা লাভ কেৱল ধনীসকলৰ হাতলৈ যায়। তদুপৰি ৰাজনৈতিক অনুদান আৰু লবীৰ জৰিয়তে ধনীসকলে নিশ্চিত কৰে যে যিকোনো সংস্কাৰে যাতে তেওঁলোকৰ স্বাৰ্থৰ ক্ষতি নকৰে।
তেওঁৰ মতে অৰ্থনৈতিক বৈষম্যই ধনী লোকৰ কোনো ক্ষতি নকৰে। সেয়ে তেওঁলোকে একো গুৰুত্ব নিদিয়ে। আচলতে সংবাদ মাধ্যমৰ নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি বাকী সকলো ধনীৰ নিয়ন্ত্ৰণত থাকে। দুখীয়াৰ বাবে নীতি আনিলে তেওঁলোকে ‘ভিক্ষা’ বুলি প্ৰচাৰ কৰে। কিন্তু তেওঁলোকে নিজেই লাভ কৰে হাজাৰ হাজাৰ কোটি টকাৰ কৰ ৰেহাই আৰু ৰাজসাহায্য।
তেন্তে এই বৈষম্য দূৰ কৰিবলৈ কি কৰিব লাগিব? যোশীৰ মতে, ‘ধনী লোকৰ ওপৰত উপযুক্ত কৰ আৰোপ কৰা, শ্ৰমিকক সুৰক্ষা দিয়া, স্বাস্থ্য আৰু শিক্ষাত বিনিয়োগ কৰা, কৰ্পৰেটৰ একচেটিয়া অধিকাৰ ভংগ কৰা আদি সংস্কাৰ অবিহনে এইটো সমাধান হ’ব নোৱাৰে।’
শেষত তেওঁৰ প্ৰশ্ন হ’ল, ‘কাৰ বাবে এই ব্যৱস্থা? সাধাৰণ মানুহৰ বাবে, নে কেইটামান ধনী পৰিয়ালৰ স্বাৰ্থৰ বাবে?’