• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাত মহকুমাৰ ম’হ মাইকী গাওঁ পঞ্চায়তৰ দুৰ্নীতি : হিতাধিকাৰীৰ ধন হৰলুকিৰ অভিযোগ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 28, 2020 9:25 am
ZomboDroid 28082020083339

ফটো : নর্থইষ্ট নাও

355
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ পঞ্চায়ত হোৱা বাবেই ম’হ মাইকী গাওঁ পঞ্চায়তক ৰজাঘৰীয়া পঞ্চায়ত বুলিও কোৱা হয় ৷

বোকাখাত মহকুমাৰ এই ম’হ মাইকী গাওঁ পঞ্চায়ত সংঘটিত দুৰ্নীতিৰ সম্পৰ্কত চলোৱা অনুসন্ধানত ওলোৱা আন এক তথ্য মতে ম’হ মাইকী গাওঁ পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ বাসিন্দা ৰায়সিং মুণ্ডা নামৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী জনৰ গৃহ নিৰ্মাণৰ পঞ্জীয়নত পিতৃৰ নাম সত মুণ্ডা বুলি উল্লেখ কৰিছে ম’হ মাইকী গাওঁ পঞ্চায়তে।

কিন্তু এই পঞ্জীয়নৰ সৈতে সংযোজিত জব কাৰ্ডৰ হিতাধিকাৰীৰ নাম কান্দ্ৰ মুড়া আৰু পিতৃৰ নাম চুটু মুড়া বুলিহে উল্লেখ কৰা হৈছে ৷

এই কান্দ্ৰ মুড়াকেই ৰায়সিং মুণ্ডাৰ গৃহ নিৰ্মাণৰ বাবে ৬ দিনৰ হাজিৰা মুঠ ১২৭৮ টকা প্ৰদান কৰিছে ম’হ মাইকী গাওঁ পঞ্চায়তে ৷

এতিয়া প্ৰশ্ন হ’ল কোন এই কান্দ্ৰ মুড়া ? ৰায়সিং মুণ্ডাৰ গৃহ নিৰ্মাণৰ বাবে ম’হ মাইকী গাওঁ পঞ্চায়তে কিয় তেওঁক দায়িত্ব দিছিল ?

মন কৰিব লগিয়া যে এই ধনৰাশি প্ৰদানৰ বাবে প্ৰস্তুত কৰা মাষ্টাৰ ৰোলত আকৌ কান্দ্ৰ মুড়াৰ নাম ‘কান্দ্ৰ বৰা’ বুলিহে উল্লেখ কৰিছে ম’হ মাইকী পঞ্চায়তে ৷

ZomboDroid 28082020083722
কান্দ্ৰ মুড়াৰ নামত থকা জৱকাৰ্ডখন। ফটো: নৰ্থইষ্ট নাও

প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ধন লেনদেনৰ স্বাৰ্থতেই ম’হ মাইকী গাওঁ পঞ্চায়তে এজন হিতাধিকাৰীৰ নাম ৰায়সিং মুণ্ডা, কান্দ্ৰ মুড়া আৰু কান্দ্ৰ বৰা কৰাতো মন কৰিবলগীয়া ৷

একেদৰে ম’হমাইকী গাওঁ পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ প্ৰয়াত জলধৰ প্ৰজাৰ পুত্ৰ কামনা প্ৰজাৰ নামৰ এজন লোকক চলিত বৰ্ষতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন দিয়া হৈছিল ৷

হিতাধিকাৰী হিচাবে কামনা প্ৰজাৰ নাম পঞ্জীয়ন হোৱাৰ পাছত থাকিবলগীয়া জব কাৰ্ডখন কিন্তু জলধৰ প্ৰজাৰ পুত্ৰ চন্দ্ৰ প্ৰজাৰ নামতহে আছে ৷

আমি কৰা অনুসন্ধানৰ তথ্য মতে কামনা প্ৰজাৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবদ জব কাৰ্ডৰ জড়িয়তে ৫৪ দিনৰ মুঠ হাজিৰা ১৪,০৫৮ টকা কামনা প্ৰজাক নহয় চন্দ্ৰ প্ৰজাকহে প্ৰদান কৰিছে ম’হ মাইকী গাওঁ পঞ্চায়তে ৷

কিন্তু কিয় চন্দ্ৰ প্ৰজাক কামনা প্ৰজাৰ টকা প্ৰদান কৰা হ’ল তাৰ  উত্তৰ পঞ্চায়ত খনৰ হাতত নাই ৷

বোকাখাতৰ ম’হমাইকী গাওঁ পঞ্চায়ত খনত চলি থকা এনেবোৰ জালিয়াতিৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী কৰিছে সচেতন ৰাইজে ৷

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd