কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগকাৰী মহিলাৰ এজাহাৰত গোঁহায়ে দিয়া একাধিক ভাবুকিৰ কথা উল্লেখ

Rajen-Gohian-570x320-1

কেন্দ্রীয় মন্ত্ৰী ৰাজেন গোঁহাই। ফাইল ফটো

কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰক কেন্দ্ৰ কৰি ৰাজ্যজুৰি  প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে সাংসদ গোঁহাইৰ বিৰুদ্ধে অভিযোগকাৰী মহিলাগৰাকীয়ে গোচৰ ৰুজু কৰা এজাহাৰৰ প্ৰতিলিপি আমাৰ হাতত পৰিছেহি।

এজাহাৰত অভিযোগকাৰী মহিলাগৰাকীৰ লগতে তেওঁৰ ভন্টি বুলি উল্লেখ কৰা আন এগৰাকী যুৱতীকো যৌন নিৰ্যাতন চলোৱা বুলি উল্লেখ কৰা হৈছে। চাকৰি দিয়াৰ প্ৰলোভনৰে তেওঁলোকৰ লগত সাংসদগৰাকীয়ে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ লগতে ম’বাইল ফোনত অশ্লীল কথা-বতৰা পতা বুলি এজাহাৰত উল্লেখ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে অভিযোগকাৰী মহিলাই দিয়া এজাহাৰৰ প্ৰতিলিপি। ফটো : নৰ্থইষ্ট নাও

আনহাতে, অভিযোগকাৰী মহিলাগৰাকী আৰু তেওঁৰ ভন্টীৰ অশ্লীল ফটো লগত আছে বুলি কৈ গোঁহায়ে গোচৰ নতৰিবলৈ ভাবুকি দিয়ে বুলিও এজাহাৰত উল্লেখ কৰিছে। তদুপৰি অভিযুক্ত সাংসদগৰাকীয়ে অভিযোগকাৰীক প্ৰাণ নাশৰ ভাবুকি দিয়া, পিতৃৰ চাকৰি শেষ কৰা আদি ভাবুকি দিয়াৰ কথা এজাহাৰত উল্লেখ আছে।

শেহতীয়াকৈ অভিযোগকাৰীয়ে অভিযোগ উঠাই ল’বলৈ আবেদন কৰা বুলি জানিব পৰা গৈছে যদিও এজাহাৰত উল্লেখ থকা এনেধৰণৰ ভাবুকিৰ বিষয়বোৰে বিষয়টো ৰহস্যৰ আৱৰ্তলৈ ঠেলি দিছে।

ইপিনে, কালি নগাঁও জিলা বিজেপিৰ মহিলা মৰ্চাই দলটোৰ মৰিকলংস্থিত জিলা কাৰ্যালয়ত বিয়লি এখন সংবাদ মেল আয়োজন কৰি মূৰকত বাতিল কৰে। সন্দেহ কৰা হৈছে যে, সংবাদ মেলখনত সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈ অস্বস্তিত পৰাৰ আশংকা কৰিয়েই শেষ মুহূৰ্তত সংবাদ মেলখন বাতিল কৰা হয়।

নগাঁও জিলা বিজেপিৰ মহিলা মৰ্চাৰ হৈ এগৰাকী বিষয়ববীয়াই দুপৰীয়াৰ ভাগত সাংবাদিকক বিয়লি ৩-৩০ বজাত অনুষ্ঠিত হ’বলগীয়া সংবাদমেলখনলৈ আমন্ত্ৰণ জনায়। কিন্তু ইয়াৰ প্ৰায় এক ঘন্টাৰ পিচতে একে গৰাকী বিষয়ববীয়াই সংবাদমেলখন বাতিল কৰা হ’ল বুলি সাংবাদিকক অৱগত কৰে।

মন্ত্ৰী ৰাজেন গোঁহাইক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যৰে সংবাদমেলখনৰ আয়োজন কৰি পিছত হিতে বিপৰীত হোৱাৰ আশংকাতে সংবাদমেলখন বিজেপিৰ মহিলা মৰ্চাই বাতিল কৰা বুলি সৰ্বত্ৰ চৰ্চিত হৈছে।