গান্ধী মণ্ডপত ৰাষ্ট্ৰীয় পতাকা ফলা সন্দর্ভত এজাহাৰ দাখিল সমাজকৰ্মী-সাংবাদিকৰ

torn-flag-1140x570-750x375

মহানগৰীৰ গান্ধী মণ্ডপত ৰাষ্ট্ৰীয় পতাকা ফলা সন্দৰ্ভত বৃহস্পতিবাৰে লতাশিল থানাত সমাজকৰ্মী কৈলাস শৰ্মা আৰু সাংবাদিক হীৰেন চন্দ্ৰ কলিতাই এখন এজাহাৰ দাখিল কৰে।

প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে গান্ধী মণ্ডপত উৰুওৱা দেশৰ উচ্চতম জাতীয় পতাকাখন উত্তোলন কৰাৰ এমাহতেই ফালি ছিৰাছিৰ হৈ পৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছত চৌদিশে চাঞ্চল্যৰ সৃষ্টি হৈছিল।

ইপিনে, সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশৰ পাছত ইয়াক স্থাপন কৰা বাজাজ ইলেকট্ৰিকেলছ নামৰ কোম্পানীৰ বিষয়া আহি গুৱাহাটীত উপস্থিত হৈছেহি। আনহাতে, গুৱাহাটী মহানগৰ উন্নয়ন বিভাগে এই সমগ্ৰ ঘটনাৰ এক তদন্ত ঘোষণা কৰিছে।

উল্লেখযোগ্য যে দীপাৱলী উদযাপনৰ দিনা তথা উত্তোলন কৰাৰ এমাহতেই কোনো যথাৰ্থ কাৰণ নথকাকৈ পতাকাখন খহি পৰা ঘটনাটোৱে সকলোকে স্তম্ভিত কৰি তুলিছিল। গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ এটা অংশ বুলি গৰ্ব কৰা এই ‘আইকনিক’ পতাকা স্তম্ভটোৰ এনে দশা হোৱাত অসম চৰকাৰ যথেষ্ট অস্বস্তিত পৰিছিল।

উল্লেখ্য যে সৰ্বানন্দ সোণোৱাল চৰকাৰে প্ৰায় ২.৫ কোটি টকা ব্যয় সাপেক্ষে দেশৰ তৃতীয় উচ্চতম পতাকা স্তম্ভটো নিৰ্মাণ কৰি উলিয়াইছিল। কিন্তু মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মদিন উপলক্ষে মুখ্য মন্ত্ৰী সোণোৱালে দেশৰ প্ৰতি উৎসৰ্গা কৰা পতাকাখন উত্তোলনৰ এমাহতেই নষ্ট হোৱা দেখা গৈছিল।