ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ : জ্যেষ্ঠ কংগ্ৰেছী নেতা দ্বীগবিজয় সিঙৰ বিৰুদ্ধে গোচৰ ৰজু

index.jpg111

ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চাইকেল প্ৰতিবাদ কৰাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বীগবিজয় সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

জ্যেষ্ঠ কংগ্ৰেছী নেতাজনৰ বিৰুদ্ধে চাইকেলেৰে প্ৰতিবাদ কৰিবলৈ স্থানীয় প্ৰশাসন তথা আৰক্ষীৰ পৰা অনুমতি নোলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে দেশত ধাৰাবাহিকভাৱে ইন্ধনৰ মূল্য বৃদ্ধি কৰাৰ প্ৰতিবাদত যোৱা বুধবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ সিঙে ভূপালত এক বৃহৎ চাইকেল ৰেলী উলিয়াইছিল।

উক্ত চাইকেল ৰেলীৰ বাবে নেতাজনে স্থানীয় আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি  নোলাৱাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছে স্থানীয়টি টি নগৰ আৰক্ষীয়ে হৈছে।

ৰোশনপুৰৰ স্কোৱাৰৰ পৰা মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানৰ বাঘভৱনলৈ বহুসংখ্যক কংগ্ৰেছী সদস্যৰ চাইকেল সমদলটোক সাংসদ সিঙে নেতৃত্ব দিছিল।

স্থানীয় টি টি নগৰ আৰক্ষী থানাই কয় যে মুখ্যমন্ত্ৰী চৌহানৰ বাসভৱনলৈ যোৱা সংযোগী পথত কোভি১৯ৰ সংক্ৰমণৰ সময়ত কংগ্ৰেছী নেতা সিঙক এনে বৃহৎ সমদল উলিওৱাৰ বাবে অনুমতি দিয়া নাছিল।

ইফালে কোভিড১৯ প্ৰটকল ভংগৰো অভিযোগ উত্থাপন কৰা হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেতাজনৰ বিৰুদ্ধে।

উক্ত চাইকেল সমদলৰ পিছতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ধাৰা ১৮৮(চৰকাৰী কৰ্মচাৰীৰ আদেশ অমান্য), ১৪৩(অবৈধ সমাৱেশ), ২৬৯(জীৱননাশক ৰোগৰ সংক্ৰমণ বিষয়ে অৱগত হৈও অৱজ্ঞা কৰা), ২৭০(মাৰাত্মক আইন)ৰ অধীনত এক গোচৰ ৰুজু কৰিছে।

ইফালে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে মধ্য প্ৰদেশ ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।