NORTHEAST NOW (Assamese)

দিল্লী এইমছত বিধ্বংসী অগ্নিকাণ্ড; আতংকিত ৰোগী, আত্মীয়

August 7, 2023 1:09 pm · এন ই নাও নিউজ, নতুন দিল্লী

দিল্লীৰ এইমছ চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। সোমবাৰে এইমছ চিকিৎসালয় ভৱনত হঠাৎ এই অগ্নিকাণ্ড সংঘটিত হয়। বাতৰি অনুসৰি, অট্টালিকাৰ এণ্ড’স্কপি বিভাগৰ দ্বিতীয় মহলাত এই অগ্নিকাণ্ড সংঘটিত হয়। খবৰ লাভ কৰাৰ পিছতে ৮খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপনৰ চেষ্টা কৰে।

এণ্ড’স্কপি বিভাগৰ ঠিক তলতে চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগ। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি পুৱা প্ৰায় ১২ বজাত অগ্নিনিৰ্বাপক বাহিনীক জৰুৰীকালীন বিভাগৰ পৰা অগ্নিকাণ্ডৰ বিষয়ে অৱগত কৰা হয়।

অগ্নিকাণ্ডৰ ফলত ৰোগীসকলৰ মাজত আতংক বিয়পি পৰে। ইতিমধ্যে কেইবাজনো ৰোগীক স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। ৰোগীৰ আত্মীয়সকলৰ মাজতো দৌৰাদৌৰি লাগে।

দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি, কিছু মুহূৰ্তৰ ভিতৰতে জুই নিয়ন্ত্ৰণ কৰিব পৰা গৈছে। চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিকিৎসালয়সমূহৰ ভিতৰত আগশাৰীৰ এই ছুপাৰ স্পেচিয়েলিটি হাস্পতালত কেনেকৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ’ল তাক লৈ উদ্বেগ বিয়পি পৰিছে।

Related News