বিশ্বনাথৰ বি জি ৰোডৰ কলেজ ৰোড তিনিআলিত বিধ্বংসী অগ্নিকাণ্ড, বিস্তৰ ক্ষতি

tt

বিশ্বনাথৰ বি জি ৰোডৰ কলেজ ৰোড তিনিআলিত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে।

কলেজ ৰোড তিনিআলিত থকা এখন ফাষ্ট ফুড হোটেলৰ পৰা সূত্ৰপাত হয় এই অগ্নিকাণ্ড৷

লগে লগে তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি  এই জুই নুমাবলৈ চেষ্টা কৰে যদিও ফাষ্ট ফুড হোটেল খন আৰু ইছৰাইল আহমেদ নামৰ লোকজনৰ ঘৰ সম্পূৰ্ণ ভাবে জ্বলি ভস্মীভূত হয় ।

এই অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সামগ্ৰী জ্বলি ছাৰ খাৰ হয়  ।

জুই লগাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ক্ষতিৰ পৰিমাণো এতিয়ালৈকে সঠিক ভাবে নিৰূপণ কৰিব পৰা হোৱা নাই।