বোকাখাত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত মাজনিশা অগ্নিকাণ্ড: গুৰুত্বপূৰ্ণ নথিৰ লগতে বহু সম্পত্তি নষ্ট

Image_1607131412283~2

ফটো: নর্থইষ্ট নাও

বোকাখাতৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল কাৰ্যালয় চৌহদত থকা বোকাখাত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত মাজ নিশা এক ভয়ঙ্কৰ অগ্নিকাণ্ড সংঘৰ্টিত হয় ৷

বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলত সংঘৰ্টিত হোৱা এই অগ্নিকাণ্ডৰ পৰা বনাঞ্চলিক কাৰ্যালয়টো কথমপিহে ৰক্ষা পৰে যদিও কাৰ্যালয়ৰ বহু নথিপত্ৰ, বৈদ্যুতিক সামগ্ৰীৰ লগতে গুলী বাৰুদ অগ্নিত জাহ যায় ৷

যোৱা নিশা হোৱা বিদ্যুত যোগানৰ বিজুতিৰ বাবে কেইবাবাৰো জেনেৰেটৰ চলাবলগীয়া হোৱাৰ পিছত কৰ্তব্যৰত গঁড় সুৰক্ষা বাহিনীৰ জোৱানে কাৰ্যলয়ৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি নিয়ন্ত্ৰণ কক্ষৰ লগতে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডিএফ অ’ক অৱগত কৰে ৷

ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ বিশেষ তৎপৰতাত বোকাখাতত থকা অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল আহি কাৰ্যালয়ৰ ভিতৰৰ বিভিন্ন স্থানলৈ বিয়পি পৰা জুঁই দক্ষতাৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে কাৰ্যালয়টোৰ খণ্ড বন বিষয়াৰ কোঠাত হোৱা বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ বাবেই উক্ত কোঠাৰ বহু নথি পত্ৰত জুই লাগে ৷

উক্ত কোঠাৰ আলমাৰীত বন্দুকৰ লগতে সজীৱ গুলীও মজুত আছিল যদিও উক্ত বিস্ফোৰক সামগ্ৰী ৰক্ষা পৰাৰ বিপৰীতে বাহিৰত থকা ব্যৱহৃত বহু খালি গুলী অগ্নিত জাহ যায় ৷

অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান সকলে অতি দক্ষতাৰে কম সময়তে কাৰ্যালয়টোৰ অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যাৰ বাবে এক ভয়াবহ অগ্নিকাণ্ডৰ পৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়টো ৰক্ষা পৰে ৷