জুই আৰু ধোঁৱাত আবদ্ধ ৬৮ টা শিশু-নৱজাতক জিএমচিএইচৰ আইচিইউত

জিএমএইচত আজি হঠাতে হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত ৬৮ টিকৈ শিশু তথা নৱজাতক জুই আৰু ধোঁৱাৰ মাজত আবদ্ধ হৈ পৰাৰ পাছতে চিকিৎসালয়খনত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ। জিএমচিএইচৰ প্ৰসূতি বিভাগৰ শিশু-নৱজাতকৰ আইচিইউত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত চৌদিশে হুৱাদুৱা লাগি পৰে। ৬৮ টাকৈ শিশুৱে জুই আৰু ধোঁৱাৰ মাজত আবদ্ধ হৈ পৰি যন্ত্ৰণাত ছটফটাই থকাৰ অনুমান কৰি শিশুসকলৰ আত্মীয়সকল কান্দোনত ভাগি পৰে।

হীৰামনি তালুকদাৰ নামৰ গোৱালপাৰাৰ মহিলা এগৰাকীয়ে আইচিইউত আবদ্ধা হৈ থকা নিজৰ কন্যা সন্তানক চাব নাপাই কান্দোনত ভাগি পৰে।

জিএমচিএইচত সন্ধিয়া ৬.৩৫ বজাতে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডটো। অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পাছতে ৰোগী আৰু আত্মীয়ৰ মাজত হুৱাদুৱা লাগি পৰে। চিকিৎসা মহাবিদ্যালয়খনৰ নতুন বিল্ডিঙৰ প্ৰসূতি বিভাগৰ আইইচিইউত  অগ্নিকাণ্ডটো সংঘটিত হৈছে।

অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ বিশেষ তৎপৰতাৰে অগ্নি নিৰ্বাপনৰ বাবে চেষ্টা চলাই ইতিমধ্যে জুই নুমাবলৈ সক্ষম হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই লগা ঠাইত কোনো লোকক সুমাবলৈ দিয়া নাই। ৰোগীৰ আত্মীয়সকলকো আনকি ভিতৰত সোমাবলৈ দিয়া হোৱা নাই।

জিএমচিএইচৰ আইচিইউৰ এই মেচিনচোতে প্ৰথমে লাগিছিল জুই। ফটো : নৰ্থইষ্ট নাও

গেছ সালসলনি কৰাৰ ফলত এই এই অগ্নিকান্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। আইচিইউত বহুকেইগৰাকী শিশু তথা নৱজাতক আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। আইচিইউত মুঠতে ৬৮ গৰাকী শিশু থকাৰ কথা জানিব পৰা গৈছে। ইয়াৰ ভিতৰত ২৪ গৰাকী আছিল নৱজাতক। আৰক্ষীয়ে জানিবলৈ দিয়া মতে কোনো শিশু হতাহত হোৱা নাই।

ঘটনাস্থলীত ইতিমধ্যে আহি মহানগৰৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈ আহি উপস্থিত হয়। আৰক্ষীৰ সহযোগত চিকিৎসা কৰ্মীসকলে শিশু তথা নৱজাতকসকলক স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিছে।

ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই ঘটনাৰ বুজ লয়। পীযুষ হাজৰিকাই পাছত সংবাদ মাধ্যমৰ আগত কয় যে আইচিইউৰ চিকপেক মেচিনৰ বিসংগতিৰ ফলতেই ধোঁৱাময় হৈ পৰিছিল চৌদিশ। তেওঁ লগতে ঘটনাটো বেছি ডাঙৰ হোৱা নাছিল বুলি উল্লেখ কৰি সকলো অভিভাৱকে নিজৰ নিজৰ সন্তানক লাভ কৰিছে বুলি জানিবলৈ দিয়ে।

মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে এসপ্তাহ পূৰ্বে আইচিইউৰ মেচিনসমূহ পৰীক্ষা কৰা হৈছিল। তেওঁ কোনো নৱজাতক হতাহত হোৱা নাই বুলি জানিব দিয়াৰ লগতে ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

উল্লেখযোগ্য যে যোৱা নৱেম্বৰ মাহত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৬দিনতে  ১৫টি নৱজাতকৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছিল। এই সময়ছোৱাত কি ভুলৰ বাবে ১৫ টিকৈ শিশুৱে মৃত্যুমুখত পৰিবলগীয়া হৈছিল তাক লৈও প্ৰশ্ন উত্থাপিত হৈছিল। একেদৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়তো নৱজাতকৰ মৃত্যুৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

শিশু আৰু নৱজাতকৰ পৰিচৰ্যাৰ বাবে থকা আইচিইউত সুৰক্ষা ব্যৱস্থাৰ অভাৱৰ বাবে আজি এনেধৰণে সংঘটিত হোৱা অগ্নিকাণ্ডই স্বাস্থ্য বিভাগৰ অৱহেলাৰ দিশটোকে উন্মোচিত কৰি তুলিছে।