নৌ সেনাৰ যুদ্ধ জাহাজ আই এন এছ বিক্ৰমাদিত্যত অগ্নিকাণ্ড: তদন্তৰ নিৰ্দেশ

INS Vikramaditya

ভাৰতীয় নৌ সেনাৰ যুদ্ধ জাহাজ তথা বিমান বাহক আইএনএছ বিক্ৰমাদিত্যত অগ্নিকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বুধবাৰে কৰ্ণাটক উপকূলত কৰ্মৰত যুদ্ধ জাহাজখনত আকস্মিকভাৱে এই অগ্নিকাণ্ড সংঘটিত হয়।

ভাৰতীয় নৌসেনাই এক বিবৃতি যোগে এই কথা প্ৰকাশ কৰিছে। অৱশ্যে নৌ সেনাই লগে লগে যুদ্ধ জাহাজখনত লগা জুই নিয়ন্ত্ৰণলৈ আনিছিল বুলিও বিবৃতিটোত উল্লেখ কৰিছে।

অগ্নিকাণ্ডৰ ফলত যুদ্ধ জাহাজখনত থকা নৌ সেনাৰ কোনো কৰ্মী হতাহত হোৱা নাই বুলি বিভাগটোৱে নিশ্চিত কৰিছে।

ইতিমধ্যে নৌ সেনাই এই ঘটনাটোৰ তদন্তৰ বাবে তদন্ত পৰিষদক নিৰ্দেশ দিছে।

উল্লেখ্য যে আই এন এছ বিক্ৰমাদিত্য নামৰ এই যুদ্ধজাহাজখন ভাৰতে ২০১৩ চনত ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল।

ভাৰতীয় ইতিহাসৰ এগৰাকী শ্ৰেষ্ঠ সম্ৰাট আখ্যা দিয়া কিংবদন্তি সম্ৰাট বিক্ৰমাদিত্যৰ সন্মানত জাহাজখনৰ নামকৰণ কৰা হৈছিল।

মূলতঃ বাকু হিচাপে নিৰ্মাণ কৰা এই যুদ্ধ জাহাজখনে ছোভিয়েট ইউনিয়ন ভংগ হোৱা সময়লৈকে ছোভিয়েট সৈন্যৰ বাবে আৰু পিছত ৰাছিয়ান নৌসেনাৰ বাবে সেৱা আগবঢ়াইছিল।

পিছত যথেষ্ট ব্যয়বহুল হৈ পৰাৰ বাবে ১৯৯৬ চনত যুদ্ধজাহাজখনক বিৰতি দিয়া হৈছিল।

ইয়াৰ পিছত ২০১৩ চনৰ নৱেম্বৰত উত্তৰ ৰাছিয়াৰ চেভেৰোডভিনস্কত এই যুদ্ধ জাহাজখন ভাৰতীয় নৌসেনাত নিয়োগ কৰা হৈছিল।

বৰ্তমান আই এন এছ বিক্ৰমাদিত্যই কৰ্ণাটকৰ কাৰৱাৰ উপকূলত সেৱা আগবঢ়ায়।

আই এন এছ বিক্ৰমাদিত্যৰ এয়াৰ উইঙত মিগ ২৯ কে যুঁজাৰু বিমান আৰু কামোভ হেলিকপ্টাৰ সংযুক্ত হৈ আছে।

২৮৪ মিটাৰ দীঘল আৰু ৬০ মিটাৰ ওখ আই এন এছ বিক্ৰমাদিত্যৰ ওজন হৈছে ৪০,০০০ টন।

ই ভাৰতীয় নৌসেনাৰ আটাইতকৈ ডাঙৰ আৰু গধুৰ জাহাজ হিচাপে স্বীকৃত।