কেনিয়াৰ প্ৰাথমিক বিদ্যালয়ত অগ্নিকাণ্ড; ১৭ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু

শুকুৰবাৰে মধ্য কেনিয়াৰ এখন প্ৰাথমিক বৰ্ডিং স্কুলৰ ছাত্ৰাবাসত অগ্নিকাণ্ডত ১৭ জন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে ১৪ জন লোক গুৰুতৰভাৱে জ্বলি যায়। ফ্ৰান্সৰ সংবাদ সংস্থা এ এফ পিৰ মতে, হিলছাইড এণ্ডাৰছা প্ৰাথমিক বিদ্যালয়খনত প্ৰায় ৮০০ ছাত্ৰ-ছাত্ৰী আছে,যাৰ বয়স প্ৰায় পাঁচৰ পৰা ১২ বছৰৰ ভিতৰত।

আৰক্ষীৰ মুখপাত্ৰ ৰেচিলা অনয়াংগোৰ উদ্ধৃতিৰে ৰয়টাৰে কয় যে অগ্নিকাণ্ডৰ কাণ্ডত আমি ১৭ জন ছাত্ৰ-ছাত্ৰী হেৰুৱাইছো যদিও ১৪ জন আহত হৈছে। চৰকাৰী মুখপাত্ৰ আইজাক মৱাউৰাৰ উদ্ধৃতিৰে বাতৰি সংস্থাটোৱে জনোৱা মতে, ভুক্তভোগীসকল চতুৰ্থৰ পৰা অষ্টম শ্ৰেণীৰ ল’ৰা, তেওঁলোকৰ বয়স ৯ৰ পৰা ১৩ বছৰ হ’ব।

কেনিয়াৰ নেৰী কাউন্টিৰ বিদ্যালয়খনত হোৱা অগ্নিকাণ্ডৰ বিষয়ে অনয়াংগোৱে কয় যে আমি কাৰণৰ তদন্ত কৰি আছো আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিম।

কেনিয়াৰ ৰেড ক্ৰছে ঘটনাস্থলীত বহু সংস্থাৰ সঁহাৰি দল এটাক সহায় কৰি আছিল। এক্সৰ ওপৰত এটা পোষ্টত সংস্থাটোৱে কয় যে তেওঁলোকে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক মানসিক-সামাজিক সহায়ক সেৱা আগবঢ়াইছে।

ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে এই খবৰটোক উদ্বেগজনক বুলি অভিহিত কৰি কয় যে দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।