মালিকৰ নামো শ্যাম, গুলীত নিহত কৰ্মচাৰীৰ নামো শ্যাম; আততায়ীৰ টাৰ্গেটক লৈ বিমোৰত আৰক্ষী

ShotDead_gun-570x320

প্ৰতিনিধিত্বমূলক ফটো

ছেপ্টেম্বৰৰ মহানগৰীৰ কুমাৰপাৰাৰ শ্যাম ৰড নামৰ হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গুলীচালনাৰ ঘটনাটোত অচিনাক্ত দুৰ্বৃত্তৰ টাৰ্গেট প্ৰকৃততে কোন আছিল সেইটো এতিয়াও স্পষ্ট হোৱা নাই। নামৰ সাদৃশ্যৰ বাবেই অনুমান কৰাত আৰক্ষী অসুবিধাত পৰিছে।

আবেলি ৪.৪৫ বজাত সংঘটিত ঘটনাটোত নিহত গাণনিকজন আৰু মালিক, উভয়ৰে নাম শ্যাম শৰ্মা আছিল আৰু আততায়ীয়ে গুলীওৱাৰ পূৰ্বে “শ্যাম কোন” বুলি প্ৰশ্ন কৰিছিল।

আততায়ীকেইজনে এটা বেগ লৈ ঘৰটোৰ প্ৰথম মহলাত থকা ব্যৱসায়ীজনৰ কাৰ্যালয়টোত প্ৰৱেশ কৰিছিল। সোমাই যাওঁতেই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে ছেণ্ডেল খুলি সোমাবলৈ কৈছিল আৰু সেইমৰ্মেই ছেণ্ডেল খুলি সোমাইছিল দুৰ্বৃত্ত তিনিজন।

কৰ্মচাৰীজনে তেওঁলোকক কিয় আহিছে বুলি হিন্দীতে সোধে।

হিন্দীতে উত্তৰ দি দলটোৱে কয়, “কুচ চামান লেনা হ্যে”।

তাৰ পিছত হিন্দীতে “শ্যামজী কৌন হ্যে” বুলি প্ৰশ্ন কৰে।

তেতিয়া দোকানৰ ভিতৰৰ পৰা ওলাই আহি গাণনিক শ্যাম শৰ্মাই নিজকে শ্যাম বুলি পৰিচয় দিয়ে। লগে লগে দুৰ্বৃত্তকেইজনে গুলীয়ায় আৰু মটৰ চাইকেলত উঠি পলায়ন কৰে। ঘটনাটোৰ সময়ত মালিক শ্যাম শৰ্মা দোকানত নাছিল। কিন্তু মালিক প্ৰায়ে তেনেকুৱা সময়তে দোকানলৈ আহে।

লগতে পঢ়ক মহানগৰীত গুলিচালনাৰ ঘটনা : গুৰুতৰভাৱে আহত ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ্মচাৰী

”চুপাৰি কিলাৰ” ব্যৱহাৰ হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰা এই হত্যাকাণ্ড সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আজি এই বিৱৰণ কামৰূপ মহানগৰৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ।

তেওঁ ঘটনাটো ডকাইতিৰ নহয় বুলি স্পষ্ট কৰি দি অপৰাধীয়ে মাৰিম বুলিয়ে টাৰ্গেট লৈ আহিছিল বুলি মন্তব্য কৰে।

এতিয়ালৈকে ঘটনা সন্দৰ্ভত ১৩ /১৪জনক আটক কৰা হৈছে আৰু ভৰলু আৰক্ষী থানাত জেৰা চলাই থকা হৈছে, জনালে দীপক কুমাৰে।

প্ৰত্যক্ষদৰ্শী সহকাৰী কৰ্মচাৰীজনৰ মতে দুৰ্বৃত্ত তিনিজন আছিল আৰু তেওঁলোকৰ হিন্দীৰ উচ্চাৰণ উত্তৰ-প্ৰদেশ, বিহাৰৰ লোকৰ দৰে।

আততায়ীকেইজনে যাওঁতে এটা ক’লা বেগ এৰি গৈছে, য’ত আৰক্ষীয়ে এডাল নাৰিকলৰ ৰছী আৰু এখন ডেগাৰ পাইছে। খটখটীৰে ওপৰলৈ উঠি যোৱা স্থানত এখন ছুৰিও উদ্ধাৰ হৈছে।

চি আই ডিয়ে এইবোৰত থকা আঙুলিৰ ছাপ ইতিমধ্যে সংগ্ৰহ কৰিছে।

ঘটনাটোৰ সময়ত শ্যামৰ সহকাৰীজনে চিঞৰ-বাখৰ কৰিছিল যদিও তেওঁৰ মূৰলৈও মাৰণাস্ত্ৰ টোঁৱায় আৰু মনে মনে থাকিবলৈ নিৰ্দেশ দিয়ে।

ঘটনাটোত হস্তনিৰ্মিত পিষ্টল ব্যৱহাৰ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। ঘটনাস্থলীত আৰক্ষীয়ে কোনো কাৰ্টিজ পোৱা নাই।

গুলীচালনাত ডিঙিৰ তলত আঘাতপ্ৰাপ্ত শ্যাম শৰ্মাক ততাতৈয়াকৈ প্ৰথমে মাৰোৱাৰী মেটাৰ্নিটি হস্পিটেললৈ লৈ যোৱা হৈছিল। পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে জি এন আৰ চিত ভৰ্তি কৰোৱা হৈছিল যদিও নাবাচিল।