NORTHEAST NOW (Assamese)

২৩ মাৰ্চত প্ৰথমবাৰৰ বাবে গুৱাহাটী পাবহি ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ৰেল

March 19, 2023 4:26 pm · এন ই নাও নিউজ, গুৱাহাটী

অহা ২৩ মাৰ্চত নতুন দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হ’ব অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে বিশেষভাৱে ডিজাইন কৰা ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ৰেল।

এই বিশেষ ৰেলখন ২১ মাৰ্চ দিল্লীৰ ছফদাৰজং ৰেল ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি ২৩ মাৰ্চত গুৱাহাটী ৰে’লৱে ষ্টেচনত উপস্থিত হ’ব বুলি এন এফ ৰে’লৱেৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

১৫ দিনীয়া এই ভ্ৰমণৰ সময়ছোৱাত ৰেলখনে অসমৰ গুৱাহাটী, শিৱসাগৰ, ফৰকাটিং আৰু কাজিৰঙা, ত্ৰিপুৰাৰ উনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা আৰু মেঘালয়ৰ শ্বিলং আৰু চেৰাপুঞ্জীক সামৰি ল’ব।

এন এফ ৰেলৱেৰ চি পি আৰ অ’ই কয়, “আধুনিক ডিলাক্স এ চি টুৰিষ্ট ট্ৰেইনত দুখন ফাইন ডাইনিং ৰেষ্টুৰেণ্ট আৰু এটা পাকঘৰ আছে।”

অত্যাধুনিক এই ৰেলখনে উত্তৰ পূৰ্বৰ পৰ্যটনৰ বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিছে অসমৰ পৰ্যটন বিভাগৰ লগত উত্তৰ পূৰ্ব ৰেলৱে বৰ্ডে।

Related News