ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ভূমিকা : ত্ৰিপুৰাত প্ৰথমবাৰৰ বাবে ৰক্তপাতহীন নৱমী

animal-sacrifice-1140x570

প্ৰতিনিধিত্বমূলক ফটো

ন্যায়ালয়ে মন্দিৰত প্ৰাণী বলি নিষিদ্ধ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত ৰক্তপাতহীন নৱমী পাৰ হয়।

প্ৰতি বছৰে বহু সংখ্যক ম’হ বলি হৈ অহা ৰাজ্যখনৰ ৰাজধানী আগৰতলাৰ দুৰ্গাবাৰীতো এইবাৰ সেই দৃশ্য অতীত হয়।

বলি-বিধানৰ পৰা বিৰত থাকিয়ে সুন্দৰকৈ উৎসৱটো উদযাপন কৰে বিজেপি শাসিত ৰাজ্যখনৰ নাগৰিকসকলে।

২৭ ছেপ্টেম্বৰত ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জয় কাৰোল আৰু ন্যায়াধীশ অৰিন্দম লোধেৰে গঠিত এখন বিচাৰপীঠে এটা ঐতিহাসিক ৰায় যোগে ৰাজ্যখনৰ সকলো ধৰ্মীয় স্থানত পশু-পক্ষীৰ বলি নিষিদ্ধ ঘোষণা কৰিছিল।

২০১৮ চনত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ সুভাষ ভট্টাচাৰ্য্যই ত্ৰিপুৰাৰ বিভিন্ন দেৱালয়ত হৈ থকা বলি বিধান ৰোধ কৰাৰ বাবে এটা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ ৰুজু কৰিছিল। উক্ত গোচৰৰ ৰায় হিচাপেই বলি নিষিদ্ধ কৰা হয়।

অৱশ্যে, ত্ৰিপুৰা চৰকাৰে এই ৰায়টোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত ৰাজহুৱা কৰিছিল।

কিন্তু বৰ্তমান উচ্চ ন্যায়ালয়ৰ ৰায়টো বাহাল থকা বাবে আগৰতলাৰ দুৰ্গাবাৰী, উদয়পুৰৰ ত্ৰিপুৰেশ্বৰী মন্দিৰকে ধৰি কোনো ঠাইতে বলি দিয়াৰ বাতৰি অহা নাই।

ইয়াৰ আগলৈকে প্ৰতিবছৰে অষ্টমী আৰু নৱমীত ম’হকে ধৰি বিভিন্ন জীৱ-জন্তুৰ বলিৰ তেজেৰে পূজাস্থলী ৰক্তাক্ত হৈ পৰিছিল।

কম সংখ্যক লোকৰ অসন্তুষ্টি থাকিলেও প্ৰায় সংখ্যক লোকেই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়টোক আদৰণি জনায়।

“যদি আমি সকলো দেৱী দুৰ্গাৰ সন্তান, তেন্তে কেনেকৈ মাকে নিজৰ সন্তানৰ তেজ ল’ব? মাকে কেতিয়াও তেওঁৰ সন্তানক বলি দিয়া কামনা নকৰে। নিয়ম-প্ৰথাবোৰ আমিয়েও বনাওঁ আৰু যিবোৰ মানৱতাৰ বিৰুদ্ধে সেইবোৰ উঠাই দিব লাগে”, কবিতা ভট্টাৰ্য্যী নামৰ এগৰাকী গৃহিণীৰ মত।

অৱশ্যে তাৰ মাজতো বলিপ্ৰথাক ঘূৰাই অনাৰ সপক্ষে মুষ্টিমেয় লোক দেখা গৈছে।