উমৰাঙচুত আৰক্ষীৰ জালত কেপিএলটিৰ অধ্যক্ষসহ পাঁচজনকৈ দুৰ্ধৰ্ষ কেডাৰ

ডিমা হাচাওৰ আৰক্ষীয়ে আজি এক অভিযান চলাই চহৰখনৰ পৰা কেপিএলটিৰ আলোচনা বিৰোধী গোটৰ পাঁচজনকৈ দুৰ্ধৰ্ষ সদস্যক আটক কৰিবলৈ সক্ষম হয়। আটাইকেইজন সদস্যকে ডিমা হাচাওৰ উমৰাঙচুৰ চুলতানা ল’জত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰে।

আটকাধীন উগ্ৰপন্থী সদস্যকেইজনক ক্ৰমে ৰংবিন এজাঙ ওৰফে মেঞ্চিঙ খ্ৰামছা ( অধ্যক্ষ কেপিএলটি আলোচনা বিৰোধী গোট) হেটসিঙ ফং’চ, মেথিউ ৰংপি, জিতেন ক্ৰ’ আৰু বেষ্টাৰ হাঞ্চে বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

কেপিএলটিৰ গোটৰ পাঁচজনকৈ সদস্যই জিলাখনৰ উমৰাঙচুত বাহৰ পাতি থকা বুলি আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল। ফলত ডিমা হাচাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই উগ্ৰপন্থীৰ সদস্যকেইজনক আটক কৰিবলৈ সক্ষম হয়।

আনহাতে কাৰ্বি আংলঙৰ ঘন অৰণ্য এৰি আলোচনা বিৰোধী কেপিএলটি গোটৰ পাঁচজনকৈ সদস্যই কিয় উমৰাঙচুত বাহৰ পাতিছিল? কি আছিল তেওঁলোকৰ পৰিকল্পনা? এই বিষয়ত আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে উমৰাঙচুত বোমা বিস্ফোৰণৰ পৰিকল্পনাৰ লগতে ধন দাবী আৰু নতুন সদস্য ভৰ্তিৰ বাবে সংগঠনৰ শীৰ্ষ নেতৃত্বৰ সৈতে গোপন বৈঠক আছিল।