চুবুৰীয়া ৰাজ্য মিজোৰামত কাৰাগাৰ ভাঙি কয়েদী পলায়নৰ ঘটনাৰ খবৰ পোৱা গৈছে।
বুধবাৰে (১৯ এপ্ৰিল) মিজোৰামৰ লুংলেই জিলা কাৰাগাৰৰ পৰা পলায়ন কৰে কমেও পাঁচজন কয়দী।
মিজোৰামৰ লুংলেই কাৰাগাৰৰ পৰা পলায়ন কৰা পাঁচজন কয়দীৰ ভিতৰত তিনিজন আছিল দোষী সাব্যস্ত হোৱা অপৰাধী।
লগতে পঢ়ক: যোগীৰ ৰাজ্যতহে সম্ভৱ! ‘মুখ্য অতিথি’ গোমাতাৰ দ্বাৰা উদ্বোধন ৰেষ্টুৰেণ্ট
বুধবাৰে কাহিলীপুৱাতে মিজোৰামৰ লুংলেই জেলৰ পৰা কয়েদী কেইগৰাকীয়ে পলায়ন কৰে। পলায়ন কৰা কয়দীসকলৰ ভিতৰত আছে হত্যাৰ গোচৰত দোষী সাৱ্যস্ত অপৰাধীও।
আনহাতে, এন ডি পি এছ আইনৰ অধীনত দুজনমান কয়দীৰ বিচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল।
পলায়ন কৰা কয়দীসকলৰ সন্ধান উলিয়াবলৈ মিজোৰামৰ নিৰাপত্তা সংস্থাসমূহে ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে।
লগতে পঢ়ক: অৰ্জুনৰ লক্ষ্যভেদ! আই পি এলত প্ৰথমটো উইকেট! পুত্ৰ অৰ্জুনৰ বিষয়ে কি ক’লে পিতৃ শচীনে?
পলায়ন কৰা কয়দী কেইজন হ’ল- লালবৱিহলিয়ানা (২৭), ডোকাপথাং (২৬), হাউডেইহচিন (২৫), ভান্নেইহথাংগা (৩৮) আৰু ভানলালদুৱাটি (২৪)।