বিদায়ী বৰ্ষৰ অন্তিম দিনটোত গোলাঘাট আৰক্ষীৰ সাফল্য; পিষ্টলসহ পাঁচজন প্ৰাক্তন আনলা সদস্যক গ্ৰেপ্তাৰ

Golaghat police arrst ANLA

ফটো: নৰ্থইষ্ট নাও।

নৱবৰ্ষৰ প্ৰাকক্ষণত শুকুৰবাৰে গোলাঘাট আৰক্ষীয়ে এক বৃহৎ সাফল্য কৰে। এটা পিষ্টল সহ পাঁচজন অল আদিবাসী লিবাৰেশ্যন আৰ্মিৰ (আনলা) প্ৰাক্তন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষীয়ে।

গোলাঘাট আৰক্ষীয়ে জানিব দিয়া অনুসৰি অবৈধ মাৰণাস্ত্ৰ ক্ৰয় কৰিবলৈ অহা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে নিষিদ্ধ ঘোষিত সংগঠন আনলাৰ প্ৰাক্তন ৫ সদস্যক।

ওদালগুৰি, বিশ্বনাথ আৰু তেজপুৰৰ পৰা অহা আনলাৰ প্ৰাক্তন তিনি সদস্য‌ই গোলাঘাটৰ দুই সদস্যৰ সহযোগত ক্ৰয় কৰিবলৈ আহিছিল পিষ্টলটো।

গোলাঘাটৰ খুমটাই ৪ নং বুটলীখোৱাত অবৈধ মাৰণাস্ত্ৰ ক্ৰয় কৰিবলৈ অহা আনলাৰ প্ৰাক্তন তিনি সদস্য ক্ৰমে ওদালগুৰিৰ পিযুস দে, বিশ্বনাথৰ বলোৰাম মাংগা আৰু তেজপুৰৰ কুষেশ্বৰ মাংকী নামৰ তিনি কেডাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

খুমটাই ৪ নং বুটলীখোৱাৰ ফিৰ’ণ নাগ নামৰ সদস্যৰ সহযোগত ক্ৰয় কৰিছিল পিষ্টলটো। পিষ্টলটো ক্ৰয় কৰি চাৰি প্ৰাক্তন কেডাৰে শাঁওতলীৰ গজেন্দ্ৰ চাহা নামৰ লোকজনৰ ঘৰৰ এটা টাবৰ ভিতৰত লুকুৱাই ৰাখিছিল পিষ্টলটো।

এক গোপন সুত্ৰৰ পম খেদি গোলাঘাট আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পিষ্টল সহ পাঁচ প্ৰাক্তন আনলা সদস্যক।

ঘটনাস্থলীৰ পৰা ৬ টা মোবাইলফোনো জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জানিব দিয়া মতে এক কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা আছিল এই পাঁচ সদস্যৰ।