লালুকত দুৰ্বৃত্তৰ এচিড আক্ৰমণৰ বলি হৈ গুৰুতৰভাৱে আহত একেটা পৰিয়ালৰ পাঁচজন সদস্য

Acid attack representatie ve image

প্ৰতিনিধিত্বমূলক ফটো।

নিশা শোৱাপাটিত থকা অৱস্থাতে লখিমপুৰ জিলাৰ লালুক কৰুণাবাৰী বেচাপট্টিত এটা পৰিয়ালৰ ওপৰত দুৰ্বৃত্তই এচিডেৰে আক্ৰমণ কৰাৰ জঘন্য ঘটনা সংঘটিত হৈছে। এই ঘটনাত পৰিয়ালটোৰ পাঁচজন সদস্যক সংকটজনক অৱস্থাত হাস্পাতলত ভৰ্তি কৰোৱা হয়।

বৰ্তমান শিশু, কিশোৰীকে ধৰি তিনিজনে অতি সংকটজনক অৱস্থাত হাস্পাতলত মৃত্যুৰ সৈতে যুঁজ দিছে।

বাতৰি অনুসৰি, দেওবাৰে নিশা দুইমান বজাত লালুকৰ কৰুণাবাৰী বেচাপট্টিৰ ছাইফুল ইছলামৰ বাঁহৰ ঘৰৰ টিনপাতৰ দৰ্জা খুলি দুৰ্বৃত্তই এচিডেৰে আক্ৰমণ চলায়।

এনেদৰে হঠাৎ এচিডৰ আক্ৰমণত পৰিয়ালটোৰ শিশু, কিশোৰী, মহিলাকে ধৰি পাঁচজন সদস্য গুৰুতৰভাৱে আহত হয়।

দুৰ্বৃত্তৰ এনে আকস্মিক এচিড আক্ৰমণত পৰিয়ালটোৰ ছালেহা খাতুন (৪৮), হাবিজা খাতুন (৩০), আনোৱাৰা বেগম (২৮), মামুনি বেগম (১৮), খুৰ্ছিদা বেগম (৯) এতৰাজ আলী (৪) গুৰুতৰভাৱে আহত হয়।

এচিড আক্ৰমণৰ বলি হোৱা মামুনি বেগম(১৮), খুৰ্ছিদা বেগম (৯) আৰু এতৰাজ আলী (৪)ৰ অৱস্থা অতি সংকটজনক বুলি কোৱা হৈছে।

ঘটনাত দিক-বিদিক হেৰুৱাই পেলোৱা পৰিয়ালটোৰ আৰ্তনাদ শুনি ৰাইজ দৌৰি আহি ততাতয়াকৈ লালুক আৰক্ষীক খৱৰ দিয়ে।

আৰক্ষীয়ে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ এচিড আক্ৰমণৰ বলি পৰিয়ালটোৰ সদস্যসকলক সংকটজনক অৱস্থাত প্ৰথমতে নাওবৈচা গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে ঘটনাৰ পৰৱৰ্তী তদন্ত চলোৱাৰ লগতে দুৰ্বৃত্তৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।