NORTHEAST NOW (Assamese)

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

July 8, 2025 9:45 am · এন ই নাও নিউজ, গুৱাহাটী

মহাকাশলৈ মানুহ পঠিয়াবলৈ সাজু হোৱা একেখন ভাৰততে ডাইনী সন্দেহত মৰিয়াই মৰা, ক’লা যাদু, অন্ধবিশ্বাসৰ চৰ্চা এতিয়াও একে গতিৰে চলি আছে। বিহাৰৰ পূৰ্ণিয়া জিলাৰ এখন গাঁৱত ক’লা যাদু চলোৱাৰ সন্দেহত একেটা পৰিয়ালৰ পাঁচজন সদস্যক প্ৰহাৰ কৰি জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

এই চাঞ্চল্যকৰ ঘটনা দেওবাৰে (৬ জুলাই) পূৰ্ণিয়াৰ তেতাগামা গাঁৱত সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে, শেহতীয়াকৈ অঞ্চলটোত কেইবাজনো লোকৰ মৃত্যু হৈছে। এই মৃত্যুৰ আঁৰত পৰিয়ালটোৱেই আছিল বুলি সন্দেহ কৰে গাঁওবাসীয়ে।

তিনিদিন পূৰ্বে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছিল। সেইদিনা ৰামদেৱ ওৰাওন নামৰ গাঁৱৰ এজন লোকৰৰ পুত্ৰৰ মৃত্যু হয়। একেটা পৰিয়ালৰ আন এটা শিশুও অসুস্থ হৈ পৰে।

ইয়াৰ পিছতে ক্ষোভিত হৈ উঠে গাঁৱৰ ৰাইজ। দেওবাৰে পৰিয়ালটোৰ ঘৰত অভিযান চলায়। পৰিয়ালটোৰ পাঁচজন সদস্য – বাবুলাল ওৰাওন, সীতা দেৱী, মনজিৎ ওৰাওঁ, ৰানিয়া দেৱী আৰু তপটো মছমত ক নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰে।

মাত্ৰ এটা শিশুকহে ৰেহাই দিয়া হয়। শিশুটি ইমানেই মানসিকভাৱে আঘাত পাইছিল যে তেওঁ এই ঘটনাৰ কোনো সবিশেষ প্ৰকাশ কৰিব নোৱাৰিলে। তেওঁ কেৱল আৰক্ষীক জনাইছিল যে প্ৰায় সকলো গাঁওবাসীয়ে এই আক্ৰমণত জড়িত।

ঘটনাৰ এদিন পাৰ হৈ গ’ল যদিও এই ঘটনাত এতিয়ালৈকে কোনো এফআইআৰ ৰুজু হোৱা নাই। অৱশ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। গাঁওখন প্ৰায় পৰিত্যক্ত হৈ পৰিছে। ডগ স্কোয়াড লৈ টহল দি আছে আৰক্ষী। ইতিমধ্যে নকুল কুমাৰ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ দাবী যে তেওঁৱেই গাঁওবাসীক আক্ৰান্ত পৰিয়ালটোৰ বিৰুদ্ধে উচটনি দিছিল।

পূৰ্ণিয়া আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, গাঁওখনৰ এটা পুখুৰীৰ পৰা চাৰিজন লোকৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰিছে। কিন্তু তেওঁলোকক প্ৰথমে মাৰপিট কৰি হত্যা কৰা হৈছিল আৰু তাৰ পিছত জ্বলাই দিয়া হৈছিল নে জীৱন্তে জ্বলাই দিয়া হৈছিল তাক লৈ আৰক্ষীয়ে এতিয়াও নিশ্চিত নহয়।

ইপিনে, সন্মুখত বিহাৰৰ নিৰ্বাচন। স্বাভাৱিকতে এই ঘটনা ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ বাবেও চৰ্চাৰ বিষয় হৈ পৰিছে। বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তেজস্বী যাদৱে নীতিশ কুমাৰ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, দুদিন পূৰ্বে ছিৱানত তিনিজন লোকক ৰাইজে প্ৰহাৰ কৰি হত্যা কৰিছিল। শেহতীয়াকৈ বাক্সাৰত মব লিঞ্চিঙত তিনিজন লোকৰ মৃত্যু হয়। ভোজপুৰত আন এক ঘটনাত মব লিঞ্চিঙত তিনিজন লোক নিহত হয়। তেওঁ অভিযোগ কৰে যে ইমানবোৰ মব লিঞ্চিং হোৱাৰ পাছতো মুখ্যমন্ত্রীৰ এই বিষয়ত গা লৰা নাই৷

Related News