আকাশৰ পৰা বিমানেৰে তললৈ পেলাই দিয়া খাদ্যৰ বাকচে প্ৰাণ কাঢ়িলে ৫ জনকৈ পেলেষ্টাইনৰ শৰণাৰ্থীৰ। ইয়াৰ বিপৰীত গুৰুতৰভাবে আহত হৈছে ১০গৰাকী লোক।
শুকুৰবাৰে পশ্চিম গাজাৰ আল শতি শৰণাৰ্থী শিবিৰৰ সন্মুখত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, যুদ্ধবিধ্বস্ত গাজাত থকা এই শৰণাৰ্থীসকলৰ বাবে বিমানেৰে খাদ্যবস্তু যোগান ধৰা হৈছিল। পেৰাচুট সংলগ্ন খাদ্যৰ বাকচ আকাশৰ পৰা তললৈ দলিয়াই দিয়া হৈছিল। কিন্তু সময়ত এই বাকচসমূহৰ পেৰাচুট খোল খোৱা নাছিল। যাৰ বাবে তীব্ৰ বেগেৰে আকাশৰ পৰা শৰণাৰ্থীৰ গাত পৰিলহি এই গধুৰ বাকচ সমূহ।
শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ সময়ত আল শতি শৰণাৰ্থী শিবিৰৰ সন্মুখত স্থানীয় সাংবাদিক কোৱাদৰ আল জেইন উপস্থিত আছিল। ঘটনাটো প্ৰত্যক্ষ কৰাৰ পিছত তেওঁ জনায় যে বিমানখনৰ পৰা নিক্ষেপ কৰা বাকচবোৰৰ এটা পেৰাচুট সময়মতে খোলা নাছিল আৰু শৰণাৰ্থী শিবিৰৰ সন্মুখত থকা মানুহৰ ওপৰত পৰিল।
সেই সময়ত শিবিৰৰ সন্মুখত শৰণাৰ্থীৰ ভিৰ থকাৰ বাবে বহু লোক আহত হৈছিল। ততাতৈয়াকৈ আহতসকলক স্থানীয় আল শ্বিফা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসকে জনোৱা মতে, আহতসকলৰ ভিতৰত ৫জনৰ মৃত্যু হৈছে। বাকী ১০ জন লোক গুৰুতৰভাৱে আহত হয়।
সূত্ৰ অনুসৰি আমেৰিকা আৰু জৰ্ডানে পেৰাচুটৰ জৰিয়তে এই সকাহ প্ৰেৰণৰ ব্যৱস্থা কৰিছিল। কিন্তু জৰ্ডানে প্ৰকাশ কৰা অনুসৰি – তেওঁলোক এই কাৰ্য্যকলাপৰ সৈতে জড়িত নাছিল।
এটা বিবৃতিত কোৱা হৈছে – ‘শুকুৰবাৰে গাজাত কাৰিকৰী বিজুতিৰ বাবে মুক্তভাৱে মাটিত পৰা সাহায্য পেৰাচুটটো জৰ্ডানৰ বিমানখনৰ পৰা নিক্ষেপ কৰা হোৱা নাছিল।’
এই মৰ্মান্তিক ঘটনাত ৰাষ্ট্ৰসংঘই জনাইছে যে এয়াৰড্ৰপৰ জৰিয়তে সাহায্য প্ৰদান কৰাটো বিকল্প হ’ব নোৱাৰে। ৰাষ্ট্ৰসংঘই অধিক ট্ৰাকক সীমান্ত পাৰ হৈ গাজালৈ যাবলৈ অনুমতি দিবলৈ আহ্বান জনাইছে।