মৰিগাঁৱৰ ধৰমতুলত নকল টকা বনোৱা মেচিন আৰু বাহন সহ ৫ জনক গ্ৰেপ্তাৰ

WhatsApp Image 2020-11-19 at 8.42.44 PM

ফটো: নৰ্থইষ্ট নাও

মৰিগাঁও আৰক্ষীয়ে অতৰ্কিতে চলোৱা এক অভিযানত বৃহস্পতিবাৰে জিলাখনৰ ধৰমতুল থানাৰ অন্ততৰ্গত বৰঘাটৰ পৰা নকল টকা বনোৱা এটা মেচিন উদ্ধাৰ কৰাৰ লগতে পাঁচ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

এই ঘটনাই সমগ্ৰ জিলাখনৰ জনসাধাৰণৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে ধৰমতুল বৰঘাটৰ মনো ওৰফে বিজু ভূঞা নামৰ ব্যক্তি জনৰ ঘৰৰ পৰা এটা মেচিন সহ প্ৰায় ৬০ হেজাৰ নকল টকা জব্দ কৰে।

আৰক্ষীয়ে লগতে বিজু ভূঞা, ফাৰুক হুছেইন(মৰিগাঁও), জাকিৰ হুছেইন, ৰইছুদ্দিন(ডবকা) আৰু লখিমপুৰ লালুকৰ নিজাম আলীক গ্ৰেপ্তাৰ কৰে।

তদুপৰি, আৰক্ষীয়ে এ এছ ০১ ডব্লিউ ২৫৫৬ নম্বৰৰ এখন চাৰিচকীয়া বাহনো জব্দ কৰিছে।

জানিব পৰা মতে,ধৃত ব্যক্তি কেইজনে অতি কৌশলেৰে মেচিনটোৰ পৰা আচল টকা বনোৱা দেখুৱাই টকা বনোৱা মেচিন বুলি বিভিন্ন ব্যক্তিক দুইৰ পাৰ তিনি লাখ টকাত বিক্ৰী কৰি আহিছিল।

উল্লেখ্য যে  টকা বনোৱা  মেচিনটো লখিমপুৰৰ পৰা মৰিগাঁৱৰ ধৰমতুললৈ অনা হৈছিল।

এই কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল মৰিগাঁৱৰ ফাৰুক হুছেইন। ফাৰুক পেছাত এজন ভেঞ্চাৰ স্কুলৰ শিক্ষক।

উল্লেখ্য যে ইতিমধ্যে আৰক্ষীয়ে ধৰমতুল থানাত ১২১/২০ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।