আৰ ডি জুনিয়ৰ কলেজৰ ৰেগিঙৰ লগত জড়িত পাঁচজন ছাত্ৰক বৰ্খাস্ত

ৰাজ্যব্যাপি চাঞ্চল্যৰ সৃষ্টি কৰা তিনিচুকীয়াৰ এখন জুনিয়ৰ কলেজৰ ছাত্ৰাবাসৰ ৰেগিঙৰ দৃশ্য ছ’চিয়েল মিডিয়া মিডিয়াত ভাইৰেল হোৱাৰ পাছত অসমৰ সংবাদ মাধ্যম সমূহে অতি গুৰুত্ব সহকাৰে বাতৰিটো পৰিবেশন কৰিছিল।

তিনিচুকীয়া জিলা অন্তৰ্গত ডিগবৈৰ আৰ ডি জুনিয়ৰ কলেজখনৰ পৰিচালনা সমতিয়ে ৰেগিঙৰ ঘটনাটোৰ লগত জড়িত পাঁচগৰাকী ছাত্ৰক কলেজখনৰ পৰা শুকুৰবাৰে বৰ্খাস্ত কৰে।

কলেজ কতৃপক্ষই ভূক্তভোগী আৰু অভিযুক্ত ছাত্ৰ কেইগৰাকীৰ পৰিচয় ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰে। আচৰিত ভাবে বৰ্খাস্ত হোৱা ছাত্ৰকেইগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰ।

ডিগবৈৰ আৰ ডি জুনিয়ৰ কলেজখনৰ এটা ব্যক্তিগত ছাত্ৰবাসত একাদশ শ্ৰেণীৰ ছাত্ৰকেইগৰাকীয়ে দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনক ৰিগিঙৰ নামত বেয়াকৈ মাৰ-পিট কৰিছিল। যদিও ঘটনাটো এমাহ পূৰ্বে সংঘটিত হৈছিল কলেজখনৰ কতৃপক্ষই বিভিন্ন ছ’চিয়েল মিডিয়াত ৰিগিঙৰ ভিডিঅ’টো ভাইৰেল হৈ পৰাতহে ঘটনা সম্পৰ্কত অৱগত হয়।

ভিডিঅ’টোত প্ৰত্যক্ষ কৰা অনুসৰি একাদশ শ্ৰেণীৰ ছাত্ৰকেইগৰাকীয়ে দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনক সিহঁতৰ আগত থিয় হ’বলৈ কৈ অসমীয়া ভাষাতে কিছু কথাৰ আদান প্ৰদান কৰে আৰু ছাত্ৰজনক বেয়াকৈ মাৰ-পিট কৰাৰ পাছত নাচিবৰ বাবেও বাধ্য কৰে।

কলেজখনৰ পৰিচালনা সমিতিৰ এগৰাকী সদস্যই জনোৱা মতে ঘটনাটোৰ লগত জড়িত ছাত্ৰকেইগৰাকীৰ অভিভাৱকক ঘটনাটোৰ পাছত মাতি আনি অভিযুক্ত ছাত্ৰকেইগৰাকীক কলেজৰ পৰা বৰ্খাস্ত কৰি ঘৰলৈ পঠাই দিয়া হয়।

উল্লেখযোগ্য যে, ২০০৪ চনত ডিগবৈত প্ৰতিষ্ঠা লাভ কৰা আৰ ডি জুনিয়ৰ কলেজখন ডিগবৈৰ আঠবাৰৰ বিধায়ক প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰৰ নামত প্ৰতিষ্ঠা কৰা। ধানোৱাৰৰ পৰিয়ালে কলেজখন পৰিচালনা কৰে।

আনহাতে, তিনিচুকীয়া জিলাৰ উপায়ুক্ত ঐনাম শৰণ কুমাৰ সিঙে কয় যে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত কৰি থকা হৈছে সহকাৰী আৰক্ষী বিষয়া সমিত সাতোৱানক সাত দিনৰ ভিতৰত ঘটনাৰ ৰিপোৰ্ট দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

ডিগবৈ আৰক্ষী থানাৰ আৰক্ষী আয়ুক্ত মহেশ বৰাই সংবাদ মাধ্যমৰ আগত এতিয়ালৈ ঘটনাটো সন্দৰ্ভত কোনোধৰণৰ এজাহাৰ দাখিল কৰা হোৱা নাই বুলি উল্লেখ কৰি ভূক্তভোগী ছাত্ৰজনৰ অভিভাৱকে মৌখিক ভাবেহে অভিযোগ দিছে বুলি উল্লেখ কৰে।