নৱবৰ্ষত একেলগে পিকনিকলৈ গৈছিল সাতজন বন্ধু। ছেলফি লোৱাৰ উন্মাদনাত প্ৰাণ হেৰুৱালে তাৰে ৫জনে। বাকী দুজন কেনেবাকৈ বাচি গ’ল। তেলেংগানাত এক ভয়ংকৰ দুৰ্ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শনিবাৰে তেলেংগানাৰ ছিদ্দিপেট জিলাত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, হায়দৰাবাদৰ পৰা ৭ জন কিশোৰ পিকনিকৰ বাবে ছিদ্দিপেট জিলালৈ আহিছিল। আটাইকেইজনৰ বয়স ১৭ বছৰ।
সেইদিনা পিকনিকৰ মাজতে সকলোৱে ডামত নামি গ’ল। সাতজনেই হাতে হাতে ধৰি পানীত নামি গ’ল। সকলোৱে তালৈ গৈ চেলফি তুলিবলৈ ধৰে।
ডামটোৰ ভিতৰত অলপ গভীৰতলৈ যোৱাৰ লগে লগে তেওঁলোকে নিয়ন্ত্ৰণ হেৰুৱাই পেলালে। ডুব যোৱাৰ লগে লগে সকলোৱে ইজনে সিজনৰ হাত এৰি দিলে। ৭ জনৰ ভিতৰত ৫ জন পানীত ডুব যায়। বাকী দুজনে সাঁতুৰি পানীৰ ওপৰলৈ উঠি স্থানীয় ৰাইজক খবৰ দিয়ে। আৰক্ষী আৰু দুৰ্যোগ সঁহাৰি বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
কিছু সময়ৰ পাছত উদ্ধাৰকাৰী দলটোৱে ৫জনৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে।